Assam Gk 2026 by Admin 2 Preparation Assam

 Assam Gk 


১/ অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত?

 উত্তৰ:- শিলচৰ। 


২/ অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া ক্ৰীড়াবিদ জনৰ নাম কি? 

উত্তৰ:- ভোগেশ্বৰ বৰুৱা।


 ৩/ অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? 

উত্তৰ:- ডিগবৈ তেল শোধনাগাৰ। 


৪/ চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? 

উত্তৰ:- নীতিপাল। 


৫/ বামুণী কোঁৱৰৰ টাই-আহোম নাম কি আছিল? 

উত্তৰ:- চুডাংফা। 


৬/ অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজকৰ নাম কি আছিল? 

উত্তৰ:- হিউৱেন-ছাং।


 ৭/ অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে?

 উত্তৰ:- ৮ খন। 


৮/ সতী সাধনী কাৰ পত্নী আছিল? 

উত্তৰ:- নীতিপাল। 


৯/ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? 

উত্তৰ:- কোকৰাঝাৰ। 


১০/ ঐতিহাসিক গোহাঁই কমল আলি কোন ঠাইৰ পৰা কোন ঠাইলৈ বিস্তৃত হৈ আছে? 

উত্তৰ:- কোচবিহাৰৰ পৰা নাৰায়ণপুৰ। 


১১/ অসমৰ প্ৰথম আৰক্ষী মহাপৰিদৰ্শকজনৰ নাম কি আছিল? 

উত্তৰ:- চিচেলে প্লৱডেন। 


১২/ চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে ২০২১ ৰ পৰা অনুষ্ঠিত কৰা CET ৰ সম্পূৰ্ণ অৰ্থ কি? 

উত্তৰ:- Common Eligibility Test.


 ১৩/ অসমৰ ৰাজ্যিক পক্ষী কি?

 উত্তৰ:- দেওহাঁহ। 


১৪/ ড৹ বাণীকান্ত কাকতিৰ গৱেষণা পত্ৰখনৰ নাম কি?

 উত্তৰ:- Assamese, Its Formation and Development. 


১৫/ অসমীয়া সাহিত্যত গীত-কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায়? 

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।


 ১৬/ পঃৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? 

উত্তৰ:- মিচিং জনগোষ্ঠী।


 ১৭/ অসমৰ ৰাজ্যিক গছ কি? 

উত্তৰ:- হোলোং গছ। 


১৮/ ২০২১ চনৰ অসম বৈভৱ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হৈছিল? 

উত্তৰ:- ৰতন টাটা। 


১৯/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ কোনখন জিলাত জনসংখ্যা সৰ্বাধিক আছিল?

 উত্তৰ:- নগাঁও জিলা। 


২০/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান?

 উত্তৰ:- ৩ কোটি ১২ লাখ। 


২১/ অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? 

উত্তৰ:- যোৰহাট জিলা।


 ২২/ অসমীয়া গদ্যৰ জনক বুলি কাক জনা যায়? 

উত্তৰ:- ভট্টদেৱ। 


২৩/ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত সৰু পুথিখনৰ নাম কি আছিল?

 উত্তৰ:- গুণমালা।


 ২৪/ বড়ো সাহিত্য সভা কিমান চনত স্থাপন কৰা হৈছিল? 

উত্তৰ:- ১৯৫২ চনত।


 ২৫/ অসমৰ প্ৰথম মহিলা এ চি এছ বিষয়া গৰাকীৰ নাম কি? 

উত্তৰ:- শুচিব্ৰতা ৰায়চৌধুৰী। 


২৬/ অসমত উৎপাদিত প্ৰধান খাদ্যশস্য কি? 

উত্তৰ:- ধান। 


২৭/ জাতিংগা ক'ত অৱস্থিত? উত্তৰ:- ডিমা হাছাও। ২৮/ জাতিংগা কিহৰ বাবে বিখ্যাত?

 উত্তৰ:- ব্যাপক হাৰত পক্ষীৰ আত্মহত্যাৰ বাবে। 


২৯/ NESAC  - The North-Eastern Space Applications Centre কোনখন ৰাজ্যত অৱস্থিত?

 উত্তৰ:- মেঘালয়।


৩০/ কোঁচ বংশৰ প্ৰতিষ্ঠাতা কোন?

 উত্তৰ:- বিশ্ব সিংহ। 


৩১/ অসম চৰকাৰে কিমান চনত শিক্ষাৰ গুণগত মান উন্নয়নৰ লক্ষ্যৰে লোৱা পদক্ষেপ- 'গুণোৎসৱ' আৰম্ভ কৰিছিল? 

উত্তৰ:- ২০১৭ চনত। 


৩২/ নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি আছিল? 

উত্তৰ:- বাণ ৰজা। 


৩৩/ কোনজন আহোম স্বৰ্গদেউলৈ মণিপুৰৰ ৰজা জয় সিঙে তেওঁৰ কন্যা 'কুৰংগনয়নী'ক বিয়া দিছিল? 

উত্তৰ:- ৰাজেশ্বৰ সিংহ। 


৩৪/ অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ নাম কি? 

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা। 


৩৫/ প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? 

উত্তৰ:- ধৰ্মপুস্তক।


 ৩৬/ বৰ্তমান অসমৰ জিলা কেইখন? 

উত্তৰ:- ৩৫ খন।


 ৩৭/ বাংলাদেশৰ সীমাৰ কাষত তলৰ কোনখন জিলা আছে? 

a) ডিব্ৰুগড়

 b) যোৰহাট

 c) শ্রীভূমি জিলা 

d) তিনিচুকীয়া

 উত্তৰ:- c) শ্রীভূমি জিলা 


৩৮/ গুৱাহাটীৰ প্ৰথমগৰাকী আৰক্ষী আয়ুক্ত কোন আছিল? 

উত্তৰ:- জ্যোতিৰ্ময় চক্ৰৱৰ্তী। 


৩৯/ অসমত ৰেল সেৱা কিমান চনত আৰম্ভ হৈছিল ?

 উত্তৰ:- ১৮৮৪ চনত। 


৪০/ কোঁচ সেনাপতি শুক্লধ্বজৰ আন এটা নাম কি? 

উত্তৰ:- চিলাৰায়। 


৪১/ নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰোৱাইছিল? 

উত্তৰ:- ৰুদ্ৰ সিংহ। 


৪২/ অসমৰ প্ৰাচীনতম অৰ্ধ সামৰিক বাহিনী আছাম ৰাইফলছৰ পূৰ্বৰ নাম কি আছিল? 

উত্তৰ:- কাছাৰ লেভি (Cachar Levy)। 


৪৩/ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কোনজন চীনা পৰিব্ৰাজক অসমলৈ আহিছিল?

 উত্তৰ:- হিউৱেন-ছাং। 


৪৪/ অসমৰ প্ৰথম সংবাদ পত্ৰ 'অৰুনোদয়' কিমান চনত প্ৰকাশ কৰা হৈছিল?

 উত্তৰ:- ১৮৪৬ চনত। 


৪৫/ অভিৰুচি ক্ৰিয়া দিৱস কোন তাৰিখে পালন কৰা হয়?

 উত্তৰ:- ৩ ছেপ্টেম্বৰ।


 ৪৬/ সৰ্থেবাৰী কিয় বিখ্যাত? 

উত্তৰ:- কাঁহ-পিতলৰ উদ্যোগৰ বাবে বিখ্যাত। 


 ৪৭/ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? 

উত্তৰ:- দৈনিক বাতৰি। 


৪৮/ অসমৰ সৰ্বোচ্চ মন্দিৰটোৰ নাম কি?

 উত্তৰ:- মহামৃত্যুঞ্জয় মন্দিৰ। 


৪৯/ 'ৰামধেনু'ৰ প্ৰথম সম্পাদক কোন আছিল? 

উত্তৰ:- ইন্দ্ৰকমল বেজবৰুৱা। 


৫০/ কিমান চনত লক্ষ্মীনাথ বেজবৰুৱাক 'ৰসৰাজ' উপাধি প্ৰদান কৰা হৈছিল?

 উত্তৰ:- ১৯৩১ চনত। 


৫১/ 'অসম চুক্তিৰ শোধনাগাৰ' হিচাপে অসমৰ কোনটো শোধনাগাৰক জনা যায়? 

উত্তৰ:- নুমলীগড় শোধনাগাৰ। 


৫২/ অসমত লোকসভা সমষ্টি কেইটা? 

উত্তৰ:- ১৪ টা।


 ৫৩/ অসমীয়া মাহেকীয়া আলোচনী 'জোনাকী'ৰ প্ৰথম সম্পাদক কোন আছিল? 

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।


 ৫৪/ অসম কেতিয়া ইংৰাজৰ অধীন হয়? 

উত্তৰ:- ১৮২৬ চনত। 


৫৫/ ধোদৰ আলি কোনজন ৰজাই নিৰ্মাণ কৰোৱাইছিল? 

উত্তৰ:- গদাধৰ সিংহ। 


৫৬/ শৰাইঘাট দলং কিমান চনত নিৰ্মাণ কৰা হৈছিল?

 উত্তৰ:- ১৯৬২ চনত। 


৫৭/ ৰাষ্ট্ৰীয় বঁটা বিজেতা অসমৰ দেৱজিৎ চাংমাই কোন আছিল?

 উত্তৰ:- এজন শব্দযন্ত্ৰী আছিল। 


৫৮/ 'আছামিজ ইটছ ফৰ্মেছন এণ্ড ডেভেলপমেণ্ট'ৰ লেখক কোন? 

 উত্তৰ:- বাণীকান্ত কাকতি। 


৫৯/ তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল? 

উত্তৰ:- ফ্ৰাচেংমুং বৰগোহাঁই। 


৬০/ স্বাধীন অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? 

উত্তৰ:- গোপীনাথ বৰদলৈ। 


৬১/ কিমান চনত অসমত চাহ গছৰ আৱিষ্কাৰ হৈছিল?

 উত্তৰ:- ১৮২৩ চনত। 


৬২/ অম্বুবাচীৰ অৰ্থ কি?

 উত্তৰ:- বৃষ্টিপাত। অম্বুবাচী মেলা


 ৬৩/ কনকলতা বৰুৱা কোন আছিল? 

উত্তৰ:- ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ। 


৬৪/ ভূটানৰ সীমাৰ কাষত তলৰ কোনখন জিলা নাই? 

a) বৰপেটা 

b) নলবাৰী 

c) কোকৰাঝাৰ 

d) হাইলাকান্দি 

উত্তৰ:- d) হাইলাকান্দি 


৬৫/ তলৰ কোনখন অসমৰ জিলা নহয়?

 a) চিৰাং 

b) লংলেং 

c) বাক্সা

 d) শ্রীভূমি জিলা 

উত্তৰ:- b) লংলেং 


৬৬/ অসম বিধান সভাৰ সদস্য সংখ্যা কিমান?

 উত্তৰ:- ১২৬ 


 ৬৭/ ইন্দিৰা মিৰিৰ জীৱনভিত্তিক অনুৰাধা শৰ্মা পূজাৰীয়ে ৰচনা কৰা উপন্যাসখনৰ নাম কি? 

উত্তৰ:- মেৰেং। 


৬৮/ আহোম স্বৰ্গদেউ 'চুখ্ৰংফা'ক (Sukhrungphaa) কি নামেৰে জনা যায়? 

উত্তৰ:- ৰুদ্ৰ সিংহ। 


৬৯/ কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? 

উত্তৰ:- ঘটোৎকছ। 


৭০/ অসমত আহোমে কিমান বছৰ ৰাজত্ব কৰিছিল? 

উত্তৰ:- ৬০০ বছৰ।


 ৭১/ মূলগাভৰুৰ স্বামীৰ নাম কি আছিল? 

উত্তৰ:- ফ্ৰাচেংমুং বৰগোহাঁই। 


৭২/ অসমৰ কোন ঠাইত একমাত্ৰ আই আই টি শিক্ষানুষ্ঠান অৱস্থিত? 

উত্তৰ:- গুৱাহাটী। 


৭৩/ আটাইতকৈ প্ৰখ্যাত কোঁচ ৰজাজনৰ নাম কি? 

উত্তৰ:- নৰনাৰায়ণ। 


৭৪/ 'হস্তীবিদ্যাৰ্ণৱ' পুথিখন কোনজন আহোম স্বৰ্গদেউৰ দিনত ৰচনা কৰা হৈছিল? 

উত্তৰ:- শিৱ সিংহ। 


৭৫/ ধ্যানচান্দ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকীৰ নাম কি? 

উত্তৰ:- লাভলীনা বৰগোহাঁই। 


৭৬/ অসমৰ আটাইতকৈ ওখ শৃংগটোৰ নাম কি? 

উত্তৰ:- লাইকে। 


৭৭/ 'মৃত্যুঞ্জয়'ৰ ৰচক কোন?

 উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।


 ৭৮/ (AIDC) এ আই ডি চি ৰ সম্পূৰ্ণ অৰ্থ কি? 

উত্তৰ:- অসম ঔদ্যোগিক উন্নয়ন নিগম। (Assam Industrial Development Corporation Limited) 


৭৯/ ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? 

উত্তৰ:- চন্দ্ৰধৰ বৰুৱা। 


৮০/ পথৰুঘাটৰ ৰণ কোন ঠাইত হৈছিল? 

উত্তৰ:- দৰংত। 


৮১/ নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত? 

উত্তৰ:- চিত্ৰাচল। 


৮২/ ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? 

উত্তৰ:- ফখৰুদ্দিন আলি আহমেদ। 


৮৩/ আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? 

উত্তৰ:- চৰাইদেউ। 


৮৪/ গুৱাহাটী উচ্চতম ন্যায়ালয়ে বিচাৰ প্ৰক্ৰিয়া চলায় - 

a) অসম 

b) নাগালেণ্ড 

c) অৰুণাচল প্ৰদেশ 

d) সকলোতে 

উত্তৰ:- d) সকলোতে


 ৮৫/ ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী কোন আছিল? 

উত্তৰ:- তৰালী শৰ্মা। 


৮৬/ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান খৃষ্টাব্দত হৈছিল? 

উত্তৰ:- ১৪৪৯ চনত। 


৮৭/ অসমীয়া ইংৰাজী অভিধানত মাইলছ ব্ৰনছনে কিমান শব্দ অন্তৰ্ভুক্ত কৰিছিল? 

উত্তৰ:- ১৪০০০ শব্দ। 


৮৮/ বাঘৰ ঘনত্ব পৃথিৱীৰ ভিতৰত সৰ্বাধিক অৰণ্যখনৰ নাম কি?

 উত্তৰ:- কাজিৰঙা। 


৮৯/ অসম আৰক্ষীৰ মূল মন্ত্ৰটো কি? 

উত্তৰ:- জনহিত জনসেৱাৰ্থে। 


৯০/ বৰাক নদীৰ দৈৰ্ঘ্য কিমান? 

উত্তৰ:- ৯০০ কিলোমিটাৰ।


 ৯১/ ইংৰাজে কোন চনত মণিৰাম দেৱানক ফাঁচী দিছিল? 

উত্তৰ:- ১৮৫৮ চনত।


 ৯২/ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা 'কীৰ্ত্তন' কোনখন পুথিৰ সাৰাংশ আছিল? 

উত্তৰ:- ভাগৱত। 


৯৩/ অসমে আন্তৰ্জাতিক সীমান্ত স্পৰ্শ কৰা দেশকেইখন হ'ল -

 a) নেপাল আৰু চীন 

b) বাংলাদেশ আৰু ভূটান 

c) ৰাছিয়া আৰু চীন 

d) ভূটান আৰু নেপাল 

উত্তৰ:- b) বাংলাদেশ আৰু ভূটান


 ৯৪/ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

 উত্তৰ:- আনোৱাৰা টাইমুৰ। 


৯৫/ অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? 

উত্তৰ:- জ্যোতিপ্ৰসাদ আগৰৱালা। 


৯৬/ বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল?

 উত্তৰ:- ৰূপছিং চুবেদাৰ। 


৯৭/ অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনা যায়? 

উত্তৰ:- চিলাৰায়। 


৯৮/ গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত স্থাপন কৰা হৈছিল?

 উত্তৰ:- ১৯৭০ চনত। 


৯৯/ আহোম আৰু মোগলৰ মাজত আলাবৈ ৰণ কিমান চনত হৈছিল? 

উত্তৰ:- ১৬৬৯ চনৰ ৫ আগষ্টত। 


১০০/ পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপৰ নাম কি? 

উত্তৰ:- উমানন্দ। 


১০১/ কোন ৰজাই পিতৃক হত্যা কৰি সিংহাসনত বহিছিল? 

উত্তৰ:- আৰিমত্ত। 


১০২/ অসম আৰক্ষীৰ মুৰব্বীজনক কি বুলি কোৱা হয়? 

উত্তৰ:- আৰক্ষী সঞ্চালক প্ৰধান।


 ১০৩/ মোগল সম্ৰাট ঔৰংজেৱৰ বোৱাৰী হোৱা অসমীয়া কন্যা গৰাকীৰ নাম কি আছিল? 

উত্তৰ:- ৰমণী গাভৰু। 


১০৪/ আহোমসকলে কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? 

উত্তৰ:- ১২২৮ চনত। 


১০৫/ অসমৰ ডিগবৈত তৈলক্ষেত্ৰ কিমান চনত স্থাপন কৰা হৈছিল? 

উত্তৰ:- ১৮৮৯ চনত।


১০৬/ ভৈৰৱী মন্দিৰ কোন ঠাইত অৱস্থিত? 

উত্তৰ:- তেজপুৰ। 


১০৭/ 'ভাৰতৰ স্কটলেণ্ড' বুলি উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক জনা যায়? 

উত্তৰ:- শ্বিলং।


১০৮/ মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল? 

উত্তৰ:- ১৭ বাৰ। 


১০৯/ গৌড়ৰ ৰজা হুছেইন শ্বাহে কোন অসমীয়া ৰজাক পৰাস্ত কৰিছিল? 

a) নীলধ্বজ

 b) নীলাম্বৰ 

c) নৰনাৰায়ণ 

d) চূহুংমুং 

উত্তৰ:- b) নীলাম্বৰ 


১১০/ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? 

উত্তৰ:- ৰাজীৱ গান্ধী। 


১১১/ মোগলৰ শেষ অসম আক্ৰমণৰ নাম কি আছিল?

 উত্তৰ:- ইটাখুলিৰ ৰণ (১৬৮২) ।


 ১১২/ গুৱাহাটীত আৰক্ষী আয়ুক্তৰ ব্যবস্থা কোন চনৰ পৰা কৰা হৈছিল? 

উত্তৰ:- ১ জানুৱাৰী, ২০১৫ চন।


 ১১৩/ অসমৰ কোন ঠাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন গো-চিকিৎসালয় অৱস্থিত? 

উত্তৰ:- ডিব্ৰুগড়। 


১১৪/ ব্ৰহ্মপুত্ৰ নদীখন গুৱাহাটী মহানগৰীৰ কোন দিশে বৈ গৈছে? 

উত্তৰ:- উত্তৰে। 


১১৫/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? 

উত্তৰ:- কামৰূপ মহানগৰ। 


১১৬/ দিহিঙৰ পাৰৰ চৰগুৱাত কোনজন ৰজাই আহোমৰ ৰাজধানী স্থাপন কৰিছিল?

উত্তৰ:- চুডাংফা। 


১১৭/ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন খেলো ইণ্ডিয়া ক্ৰীড়া বিদ্যালয় কোনখন চহৰত মুকলি কৰা হয়? 

উত্তৰ:- শ্বিলং। 


১১৮/ অসমীয়া সাহিত্যৰ 'মুকুটবিহীন সম্ৰাট' বুলি কাক জনা যায়? 

উত্তৰ:- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। 


১১৯/ অসমৰ লাভলীনা বৰগোহাঁইয়ে টকিঅ' অলিম্পিক ২০২০ ৰ কোনটো শাখাত বক্সিঙৰ বাবে ব্ৰঞ্জৰ পদক লাভ কৰিছিল? 

উত্তৰ:- ৬৯ কিলোগ্ৰাম। 


১২০/ মিৰজুমলাৰ লগত কোন পৰিব্ৰাজক অসমলৈ আহিছিল? 

উত্তৰ:- চিহাবুদ্দিন তালিছ। 


১২১/ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া কাব্যগ্ৰন্থ 'বনফুল'ৰ ৰচক কোন আছিল? 

উত্তৰ:- যতীন্দ্ৰনাথ দুৱৰা। 


১২২/ অসম উপত্যকা সাহিত্য বঁটা কোনে প্ৰদান কৰে? 

উত্তৰ:- মেগৰ শৈক্ষিক ন্যাসে। 


১২৩/ অসমৰ প্ৰথম আই চি এছ বিষয়াগৰাকীৰ নাম কি আছিল? 

উত্তৰ:- আনন্দৰাম বৰুৱা। 


১২৪/ বংগৰ চৈতন্যদেৱৰ সমসাময়িক অসমীয়া বৈষ্ণৱ গুৰু কোন আছিল? 

উত্তৰ:- শংকৰদেৱ। 


১২৫/ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? 

উত্তৰ:- গমধৰ কোঁৱৰ। 


১২৬/ মিৰজুমলাই গড়গাঁও অধিকাৰ কৰোতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কোন ঠাইলৈ পলাই গৈছিল?

 উত্তৰ:- নামৰূপ। 


১২৭/ বখতিয়াৰ খিলিজীৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল?

 উত্তৰ:- পৃথু।


 ১২৮/ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? 

উত্তৰ:- এশিঙীয়া গঁড়। 


১২৯/ ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসম অৱস্থিত? 

উত্তৰ:- গংগা-সিন্ধু-ব্ৰহ্মপুত্ৰৰ সমভূমি। 


১৩০/ ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল?

 উত্তৰ:- ২৪ ফেব্ৰুৱাৰী, ১৮২৬ চনত। 


১৩১/ অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল? 

উত্তৰ:- গমধৰ কোঁৱৰ। 


১৩২/ বিদেশী বহিস্কাৰৰ দাবীত অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? 

উত্তৰ:- ১৯৭৯ চনত। 


১৩৩/ ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল? 

উত্তৰ:- মাধৱ কন্দলি।


 ১৩৪/ মোগলে কোনজন আহোম ৰজাৰ দিনত শেষবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল? 

উত্তৰ:- গদাধৰ সিংহ। 


১৩৫/ প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰখনৰ নাম কি আছিল? 

উত্তৰ:- ভাইটি (১৯৭২ চনত মুক্তি লাভ কৰিছিল)। 


১৩৬/ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? 

উত্তৰ:- পাৰ্বতী কুমাৰ গোস্বামী। 


১৩৭/ মাটিকলিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? 

উত্তৰ:- কাৰ্বি আংলং জিলা।


 ১৩৮/ আহোমৰ শাসন কালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? 

উত্তৰ:- মোমাই তামুলী বৰবৰুৱা। 


১৩৯/ অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীৰ নাম কি?

 উত্তৰ:- বীৰাংগনা। 


১৪০/ ২০১১ চনৰ লোকপ্ৰিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? 

উত্তৰ:- ৭২.১৯ শতাংশ।

Post a Comment

0 Comments