কুইজ ১০০+ অসম কুইজ Assam Quiz 2026 Preparation Assam

অসম কুইজ (Part-2)


 ১/ অসমৰ প্ৰাচীন নাম কি আছিল? 

উত্তৰ:- অসমৰ প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল। 


২/ অসমৰ প্ৰথম মহিলা IAS (আই. এ. এছ.) কোন আছিল?

 উত্তৰ:- পাৰুল দাস। 


৩/ কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল?

 উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। 


৪/ বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? 

উত্তৰ:- ৰাধা গোবিন্দ বৰুৱাই বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল। 


৫/ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য্য কোন আছিল? 

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ। 


৬/ অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? 

উত্তৰ:- বসন্ত দাস।


 ৭/ সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখনৰ নাম কি? 

উত্তৰ:- বনফুল। (১৯৫৫ চন / বনফুল এখন কবিতা পুথি / কবি - যতীন্দ্ৰ নাথ দুৱৰা।) 


৮/ অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

 উত্তৰ:- নলিনীবালা দেৱী। 


৯/ অসমত মানসিক ৰোগৰ চিকিৎসালয় কোন ঠাইত আছে? 

উত্তৰ:- তেজপুৰ।


 ১০/ অসমত সৈনিক স্কুল কোন ঠাইত আছে? 

উত্তৰ:- গোৱালপাৰা। 


১১/ অসমত কলা আৰু বোবা সকলৰ বাবে বিদ্যালয় কোন ঠাইত আছে?

 উত্তৰ:- গুৱাহাটীৰ কাহিলীপাৰাত আছে। 


১২/ অসমত প্ৰাকৃতিক গেছ প্ৰকল্প কোন ঠাইত আছে?

 উত্তৰ:- নামৰূপ আৰু বঙাইগাঁওত আছে। 


১৩/ অসমত ফৰেষ্ট বিদ্যালয় কোন ঠাইত আছে? 

উত্তৰ:- গুৱাহাটীৰ জালুকবাৰীত আছে। 


১৪/ অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে?

 উত্তৰ:- নামৰূপত আছে। 


১৫/ বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি আছিল?

 উত্তৰ:- পুবেৰুণ। 


১৬/ ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল? 

উত্তৰ:- ৩,১২,০৫,৫৭৬ জন।


 ১৭/ অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? 

উত্তৰ:- ভাইটি। 


১৮/ অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে? 

উত্তৰ:- বোকাজানত আছে। 


১৯/ চামেলি মেমচাব কথাছবিয়ে ৰাষ্ট্ৰীয় বঁটা কেতিয়া লাভ কৰিছিল? 

উত্তৰ:- ১৯৭৫ চনত।


 ২০/ অসমত কাগজ কল কোন ঠাইত আছে? 

উত্তৰ:- জাগীৰোড, পাঁচগ্ৰাম। 


২১/ অসমত মৰাপাটৰ কল কোন ঠাইত অৱস্থিত? 

উত্তৰ:- শিলঘাট।


 ২২/ অসমীয়া জাতিৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল?

 উত্তৰ:- ১৪৪৯ চনত।


 ২৩/ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? 

উত্তৰ:- মহেন্দ্ৰ কন্দলি। 


২৪/ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্যজনৰ নাম কি আছিল? 

উত্তৰ:- শ্ৰীমন্ত মাধৱদেৱ। 


২৫/ শ্ৰীমন্ত শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? 

উত্তৰ:- সূৰ্যৱতী আৰু কালিন্দী। 


২৬/ প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি আছিল? 

উত্তৰ:- ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 


২৭/ অসমৰ প্ৰথম কোনজন ব্যক্তিয়ে লণ্ডন বিশ্ববিদ্যালয়ত ডি লিৰ্ট উপাধি লাভ কৰিছিল?

 উত্তৰ:- ড॰ সূৰ্যকুমাৰ ভূঞা। 


২৮/ অসমত বিশ্ব স্বাস্থ্যকেন্দ্ৰ কোন ঠাইত আছে?

 উত্তৰ:- চাবুৱাত আছে।


 ২৯/ অসমত সংস্কৃত মহাবিদ্যালয় কোন কেইখন ঠাইত আছে? 

উত্তৰ:- গুৱাহাটী আৰু নলবাৰীত আছে।


 ৩০/ অসমত অন্ধসকলৰ বাবে বিদ্যালয় কোন কেইখন ঠাইত আছে? 

উত্তৰ:- গুৱাহাটী, নগাঁও, ডিব্ৰুগড়।


 ৩১/ অসমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? 

উত্তৰ:- এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। 


৩২/ আহোমৰ শেষ ৰজা জনৰ নাম কি আছিল? 

উত্তৰ:- পুৰন্দৰ সিংহ। 


৩৩/ অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি আছিল?

 উত্তৰ:- ছাৰ চালেহ মহম্মদ আকবৰ হায়দৰী। 


৩৪/ অসমৰ প্ৰথম কথাছবিৰ নাম কি আছিল? 

উত্তৰ:- জয়মতী। 


৩৫/ অসমত তেল শোধনাগাৰ কেইটা আছে? 

উত্তৰ:- অসমত তেল শোধনাগাৰ চাৰিটা আছে। সেইকেইটা হ'ল - ডিগবৈ, নুমলীগড়, গুৱাহাটী, বঙাইগাঁও।


 ৩৬/ অসমৰ প্ৰথম ইংৰাজী বাতৰি কাকতৰ নাম কি আছিল? 

উত্তৰ:- টাইমচ্ অৱ অসম।


 ৩৭/ অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল?

 উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা। 


৩৮/ গুৱাহাটীৰ প্ৰথম চিনেমা হলটোৰ নাম কি আছিল? 

উত্তৰ:- কেলভিন। 


৩৯/ অসমৰ প্ৰাচ্য পণ্ডিত বুলি কাক জনা যায়? 

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।


 ৪০/ অসম কেশৰী বুলি কাক জনা যায়? 

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰী। 


৪১/ দেশভক্ত বুলি কাক জনা যায়?

 উত্তৰ:- তৰুণৰাম ফুকন।


 ৪২/ অসমৰ কলাগুৰু বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- বিষ্ণুপ্ৰসাদ ৰাভা। 


৪৩/ অসমৰ গৌৰৱ কোন আছিল?

 উত্তৰ:- হেম বৰুৱা। 


৪৪/ অসমৰ সংগীত সূৰ্য কোন আছিল? 

উত্তৰ:- ড॰ ভূপেন হাজৰিকা। 


৪৫/ অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায়? 

উত্তৰ:- প্ৰসন্নলাল চৌধুৰী।


 ৪৬/ অসমৰ অগ্নিকবি ৰূপে কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য। 


৪৭/ অসমত প্ৰথম কুইজ প্ৰতিযোগিতা ক'ত আৰু কিমান চনত হৈছিল? 

উত্তৰ:- ১৯৬৫ চনত কটন কলেজত। 


৪৮/ অসমৰ উপন্যাস সম্ৰাট কোন আছিল?

 উত্তৰ:- ৰজনীকান্ত বৰদলৈ। 


৪৯/ গুৱাহাটীৰ পুৰণি নাম কি আছিল? 

উত্তৰ:- প্ৰাগজ্যোতিষপুৰ। 


৫০/ অসমত প্ৰথম চিনেমা ষ্টডিঅ' ক'ত আৰু নাম কি আছিল? 

উত্তৰ:- গুৱাহাটীৰ কাহিলীপাৰাত আছিল। ষ্টডিঅ'টোৰ নাম আছিল - জ্যোতি চিত্ৰবন। 


৫১/ অসমত প্ৰথম প্লেনেটৰিয়াম ক'ত আছিল? 

উত্তৰ:- এম. জি. ৰোড, লতাশিল, উজান বজাৰ, গুৱাহাটীৰ উচ্চতম ন্যায়ালয় (High Court) ৰ ওচৰত। 


৫২/ অসমৰ প্ৰথমজন স্নাতক আৰু আই. চি. এছ. (ICS) বিষয়াজনৰ নাম কি আছিল? 

উত্তৰ:- আনন্দৰাম বৰুৱা। 


৫৩/ অসম বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান? 

উত্তৰ:- ১২৬ খন। 


৫৪/ প্ৰথম অসম বিধান সভা কিমান চনত অনুষ্ঠিত হৈছিল?

 উত্তৰ:- ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে। 


৫৫/ অসমত প্ৰথম গ্ৰন্থমেলা কোন ঠাইত অনুষ্ঠিত হৈছিল? 

উত্তৰ:- নগাঁওত অনুষ্ঠিত হৈছিল। 


৫৬/ অভিনেত্ৰী মলয়া গোস্বামীয়ে কোনখন অসমীয়া চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু কিমান চনত

উত্তৰ:- "ফিৰিঙতি" চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৩৯তম্ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯২ চনত। 


৫৭/ চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু কিমান চনত এই বঁটা লাভ কৰিছিল? 

উত্তৰ:- "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। 


৫৮/ অসমৰ ভাস্কৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- বাণীকান্ত কাকতি। 


৫৯/ ঢোলৰ যাদুকৰ বুলি কোনজন ব্যক্তিক জনা যায়?

 উত্তৰ:- মঘাই ওজা। 


৬০/ অসমৰ অজগৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- চৈয়দ আব্দুল মালিক।


 ৬১/ প্ৰতিমাৰ খনিকৰ বুলি কোনজন ব্যক্তিক জনা যায়?

 উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা। 


৬২/ সেউজকোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- পৰাগ চলিহা। 


৬৩/ নিজৰা কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- শৈলধৰ ৰাজখোৱা। 


৬৪/ বিহগী কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- ৰঘুনাথ চৌধুৰী।


 ৬৫/ শেৱালি কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- ৰত্নকান্ত বৰকাকতি। 


৬৬/ শৰতৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- পাৰ্বতী প্ৰসাদ বৰুৱা। 


৬৭/ কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- দেৱকান্ত বৰুৱা। 


৬৮/ সাহিত্য কাণ্ডাৰী বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা। 


৬৯/ বনফুলৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়?

 উত্তৰ:- যতীন্দ্ৰ নাথ দুৱৰা। 


৭০/ তপোবনৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- অতুল চন্দ্ৰ হাজৰিকা। 


৭১/ জ্ঞান মালিনী কবি বুলি কোনজন ব্যক্তিক জনা যায়?

 উত্তৰ:- মফিজুদ্দিন আহমদ হাজৰিকা। 


৭২/ চনেট কবি বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- হিতেশ্বৰ বৰুৱা। 


৭৩/ বকুলবনৰ কবি বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- আনন্দ বৰুৱা। 


৭৪/ নাট্যপ্ৰভাকৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- সত্যপ্ৰসাদ বৰুৱা।


 ৭৫/ কবিতা কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- অমলেশ্বৰ চেতিয়া ফুকন। 


৭৬/ বাগ্মীবৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- নীলমণি ফুকন। 


৭৭/ অসমৰ সিংহ পুৰুষ বুলি কোনজন ব্যক্তিক জনা যায়?

উত্তৰ:- ৰাধা গোবিন্দ বৰুৱা।


 ৭৮/ অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী মহিলা অভিনেত্ৰীৰ নাম কি? 

উত্তৰ:- আইদেউ সন্দিকৈ। 


৭৯/ অসমত কাঁহ-পিতলৰ শিল্প কোন ঠাইত আছে?

 উত্তৰ:- সৰ্থেবাৰী। 


৮০/ অসমৰ লুইত কোঁৱৰ বুলি কোনজন ব্যক্তিক জনা যায়? 

উত্তৰ:- ৰুদ্ৰ বৰুৱা।


 ৮১/ আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? 

উত্তৰ:- ১৬৭১ চনত। 


৮২/ "হস্তীবিদ্যাৰ্ণৱ" পুথিখন কোনে লিখিছিল আৰু কোনজন আহোম শাসকৰ অধীনত লিখিছিল? 

উত্তৰ:- সুকুমাৰ বৰকাইথে লিখিছিল, শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজ অনুগ্ৰহত ৰচনা কৰা হাতীৰ ৰক্ষণাবেক্ষণ, ব্যৱস্থাপনা আৰু চিকিৎসাৰ বিষয়ে উল্লেখ আছে। 


৮৩/ সৰ্বানন্দ সোণোৱাল অসমৰ কিমান তম্ মুখ্যমন্ত্ৰী?

 উত্তৰ:- ১৪তম্ মুখ্যমন্ত্ৰী। 


৮৪/ সনন্ত তাঁতিয়ে কোনখন কবিতা পুথিৰ বাবে ২০১৮ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

 উত্তৰ:- "কাইলৈৰ দিনটো আমাৰ হ'ব" নামৰ কবিতা পুথিৰ বাবে সনন্ত তাঁতিয়ে ২০১৮ চনত অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।


 ৮৫/ বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত কোনজন ব্যক্তিয়ে লাভ কৰিছিল? 

উত্তৰ:- ৰীতা বড়ো। ("থৈচাম" নামৰ উপন্যাসৰ বাবে ২০১৭ চনত ৰীতা বড়োয়ে বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত লাভ কৰিছিল।) 


৮৬/ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত কোনজন ব্যক্তিয়ে লাভ কৰিছিল? 

উত্তৰ:- জয়ন্ত মাধৱ বৰা । ("মৰিয়াহোলা" উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা ২০১৭ চনত লাভ কৰিছিল')


 ৮৭/ অসমৰ জাতীয় নৃত্য কি? 

উত্তৰ:- বিহু নৃত্য। 


৮৮/ অসমৰ জাতীয় উৎসৱ কি? 

উত্তৰ:- বিহু। 


৮৯/ অসমৰ জাতীয় গছ কি? 

উত্তৰ:- হোলোং। 


৯০/ অসমৰ জাতীয় ফুল কি? 

উত্তৰ:- কপৌ ফুল।


 ৯১/ অসমৰ জাতীয় পক্ষী কি?

 উত্তৰ:- দেওহাঁহ। 


৯২/ অসমৰ জাতীয় জন্তু কি?

 উত্তৰ:- এশিঙীয়া গঁড়। 


৯৩/ অসমৰ জাতীয় সংগীত কি?

 উত্তৰ:- অ' মোৰ আপোনাৰ দেশ।


 ৯৪/ অসমৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ"ৰ ৰচকজনৰ নাম কি?

 উত্তৰ:- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।


 ৯৫/ অসমৰ ৰাজ্যিক ভাষা কি?

উত্তৰ:- অসমীয়া ভাষা।


 ৯৬/ অসমৰ ৰাজ্যিক সাহিত্য সভা কি?

 উত্তৰ:- অসম সাহিত্য সভা।


 ৯৭/ অসমৰ জাতীয় শ্লোগান কি? 

উত্তৰ:- জয় আই অসম। 


৯৮/ অসমৰ ৰাজ্যিক মোহৰ কি ?

 উত্তৰ:- অসম চৰকাৰ। অসমৰ ৰাজ্যিক মোহৰ - অসম চৰকাৰ 


৯৯/ কালিৰাম মেধিয়ে বৰগীত সমূহক কি বুলি আখ্যা দিছিল? 

উত্তৰ:- Great Song বা Songs Celestial বুলি আখ্যা দিছিল।


 ১০০/ বৰগীতসমূহক কোনে "Holy Song" আখ্যা দিছিল?

 উত্তৰ:- দেৱেন্দ্ৰ নাথ বেজবৰুৱা দেৱে বৰগীতসমূহক "Holy Song" আখ্যা দিছিল।


 ১০১/ ড॰ বাণীকান্ত কাকতি দেৱে বৰগীত সমূহক কি আখ্যা দিছিল?

 উত্তৰ:- ড॰ বাণীকান্ত কাকতি দেৱে বৰগীত সমূহক "Noble Numbers" আখ্যা দিছিল। 


১০২/ অসমৰ পাট মুগাৰ শিল্প কোন ঠাইত আছে? 

উত্তৰ:- শুৱালকুচিত পাট মুগাৰ শিল্প আছে।


 ১০৩/ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল?

 উত্তৰ:- ড॰ মামণি ৰয়ছম গোস্বামী। (২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল)। 


১০৪/ "আশীৰ্বাদৰ ৰং" কাৰ উপন্যাস?  

উত্তৰ:- অৰুণ শৰ্মাৰ। ("আশীৰ্বাদৰ ৰং" প্ৰথম প্ৰকাশ হৈছিল - ১৯৯৬ চনত আৰু ১৯৯৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল)। 


 ১০৫/ সাহিত্য আৰু শিক্ষাৰ বাবে ২০২২ বৰ্ষৰ পদ্মশ্ৰী বঁটা অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল?

  উত্তৰ:- ধনেশ্বৰ ইংতি।  


১০৬/ সমাজ সেৱাৰ বাবে ২০২২ বৰ্ষৰ পদ্মশ্ৰী বঁটা অসমৰ কোনজন ব্যক্তিয়ে লাভ কৰিছিল? 

 উত্তৰ:- শকুন্তলা চৌধুৰী। 


 ১০৭/ অসমৰ জাতীয় ফল কি?  

উত্তৰ:- কাজি নেমু। 


১০৮/ হিমা দাসক কি নামেৰে জনা যায়? 

উত্তৰ:- ধিং এক্সপ্ৰেছ।


১০৯/ অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা টো কি?

 উত্তৰ:- অসম বৈভৱ।


 ১১০/ অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয়? 

উত্তৰ:- ১ অক্টোবৰ।


 ১১১/ অসমৰ কটন কলেজ কেতিয়া প্ৰতিষ্ঠা হৈছিল?

 উত্তৰ:- ১৯০১ চনত।


 ১১২/ অসমত প্ৰথম চিনেমা হলটো ক'ত আছিল? 

উত্তৰ:- তেজপুৰ (জোনাকী ছবিঘৰ)। 


১১৩/ আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধখন কি আছিল? 

উত্তৰ:- ইটাখুলিৰ যুদ্ধ (১৬৮২)। 


১১৪/ ২০২৪ চনৰ ২৬ জুলাইত অসমৰ কোনটো কীৰ্তিচিহ্নই UNESCO বিশ্ব ঐতিহ্যৰ মৰ্যাদা লাভ কৰিছে? 

উত্তৰ:- চৰাইদেউ মৈদাম। 


১১৫/ অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? 

উত্তৰ:- মহীৰংগ দানৱ।


 ১১৬/ অসমৰ প্ৰথম ঐতিহাসিক ৰজাজনৰ নাম কি? 

উত্তৰ:- পুষ্যবৰ্মন। 


১১৭/ বৰ্মন বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম কি? 

উত্তৰ:- পুষ্যবৰ্মন। 


১১৮/ জীয়ভৰলী নদী অসমৰ কোনখন জিলাত অৱস্থিত? 

উত্তৰ:- শোণিতপুৰ জিলাত। 


১১৯/ অসমৰ মুঠ মাটিকালি কিমান? 

উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। 


১২০/ মাধৱদেৱৰ জন্ম ক'ত হৈছিল? 

উত্তৰ:-  লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত।


 ১২১/ অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 

উত্তৰ:- ১৯১৭ চনত।


 ১২২/ অসমৰ বৰ্তমান জিলা কিমানখন? 

উত্তৰ:- ৩৫ খন। 


১২৩/ আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল?

 উত্তৰ:- যোৰহাট। 


১২৪/ অসমৰ প্ৰথম দৈনিক বাতৰি কাকতৰ নাম কি আছিল?

 উত্তৰ:- দৈনিক বাতৰি। 


১২৫/ অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমান?

 উত্তৰ:- ১৪ খন।


 ১২৬/ অসমীয়া চলচ্চিত্ৰ ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন? 

উত্তৰ:- ৰীমা দাস। 


১২৭/ নামঘোষাৰ ৰচক কোন? 

উত্তৰ:- শ্ৰী শ্ৰী মাধৱদেৱ।


 ১২৮/ অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল?

 উত্তৰ:- ১৯৮৫ চনত। 


১২৯/ অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? 

উত্তৰ:- হাফলং। 


১৩০/ ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপক অসমীয়া আৰু বড়ো ভাষাৰ সাহিত্যিক দুগৰাকীৰ নাম আৰু তেওঁলোকৰ বঁটা বিজয়ী উপন্যাস দুখনৰ নাম কি?

উত্তৰ:- অসমীয়া ভাষাৰ সাহিত্যিক দেৱব্ৰত দাস, তেওঁৰ উপন্যাস ‘কড়ি খেলাৰ সাধু’।বড়ো ভাষাৰ সাহিত্যিক চাহায়চুলি ব্ৰহ্ম, তেওঁৰ উপন্যাস ‘দৌংৱি লামা মৌনসে গাথৌ’।


 ১৩১/ প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? 

উত্তৰ:- ধৰ্মপুস্তক। 


১৩২/ অসমীয়া চুটি গল্পৰ জনক কোন?

 উত্তৰ:- ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। 


১৩৩/ অসমত অম্বুবাচী মেলা ক'ত অনুষ্ঠিত হয়? 

উত্তৰ:- কামাখ্যা মন্দিৰ। 


১৩৪/ আহোমৰ প্ৰথমজন ৰজা কোন আছিল?

  উত্তৰ:- স্বৰ্গদেউ চাওলুং চুকাফা। 


১৩৫/ অসম আৰক্ষীৰ বৰ্তমানৰ শ্ল'গান বা মূল মন্ত্ৰটো কি? 

উত্তৰ:- জনহিত জনসেৱাৰ্থে। 

Post a Comment

0 Comments