Assam History MCQs | Preparation Assam

Assam History  MCQs | Preparation Assam

 ১। অসমৰ পুৰণি নাম কি? 

(ক) প্ৰাগজ্যোতিষপুৰ

(খ) কামৰূপ

(গ) অহম 

(ঘ) তেজপুৰ

উত্তৰ: (ক) প্ৰাগজ্যোতিষপুৰ 


২। বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেন চাং ভাৰতলৈ আহিছিল ? 

(ক) মহেন্দ্ৰ বৰ্মন 

(খ) ভাস্কৰ বৰ্মন 

(গ) সুস্থিত বর্মন 

(ঘ) পুষ্যবর্মন

উত্তৰ : (খ) ভাস্কৰ বৰ্মন


৩। কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল ?

(ক) মহেন্দ্ৰবৰ্মন

(খ) পুষ্যবর্মন

(গ) ভাস্কৰ বৰ্মন

(ঘ) সুস্থিত বর্মন

উত্তৰ : (গ) ভাস্কৰ বৰ্মন


৪। শদিয়াৰ কুণ্ডিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুণ্ডিল নগৰ পাতিছিল ?

(ক) বাণ ৰজাই

(খ) ভীষ্মক ৰজাই 

(গ) নৰক ৰজাই

(ঘ) ভগদত্ত ৰজাই

উত্তৰ : (খ) ভীষ্মক ৰজাই


৫। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি?

(ক) মহেন্দ্ৰ বৰ্মন

(খ) সমুদ্র বর্মন

(গ) সুস্থিত বর্মন

(ঘ) পুষ্যবর্মন

উত্তৰ : (ক) মহেন্দ্ৰ বৰ্মন


৬। অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল ? 

(ক) বাণাসুৰ 

(খ) মহীৰংগ দানৱ

(গ) ভীষ্মক

(ঘ) ভগদত্ত

উত্তৰ : (খ) মহীৰংগ দানৱ


৭। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি?

(ক) সন্ধ্যা

(খ) আৰিমত্ত

(গ) সিন্ধু ৰায়

(ঘ) শালস্তম্ভ

উত্তৰ : শালস্তম্ভ


৮। বৰ্মন বংশৰ ৰাজত্বৰ অন্তত কামৰূপত কোন বংশৰ শাসন প্রতিষ্ঠা হয়?

(ক) ভৌমবংশ

(খ) শালস্তম্ভ বংশ 

(গ) খেন বংশ

(ঘ) পাল বংশ

উত্তৰ : (খ) শালস্তম্ভ বংশ


৯। প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্ৰন্থখন কি?

(ক) হর্ষচৰিত

(খ) যোগিনী তন্ত্র

(গ) কালিকা পুৰাণ

(ঘ) ৰামায়ণ

উত্তৰ : (গ) কালিকা পুৰাণ


১০। পালবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল ?

(ক) ব্ৰহ্মপাল

(খ) ৰত্নপাল

(গ) ইন্দ্ৰপাল

(ঘ) ধর্মপাল

উত্তৰ : (ক) ব্ৰহ্মপাল


১১। কোনগৰাকী ভূঞা শাসনকর্তাই “গোমথ” উপাধি গ্ৰহণ কৰিছিল ?

(ক) গদাধৰে

(খ) নাৰায়ণে 

(গ) পনীয়া বৰ কাথে

(ঘ) চণ্ডীবৰে

উত্তৰ : (খ) নাৰায়ণে


১২। শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায়?

(ক) ভৌমবংশ

(খ) শালস্তম্ভ বংশ 

(গ) খেন বংশ

(ঘ) পাল বংশ

উত্তৰ : (ঘ) পাল বংশ


১৩। খ্যান বা খেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি ?

(ক) আৰিমত্ত

(খ) চক্ৰধ্বজ

(গ) নীলাম্বৰ

(ঘ) নীলধ্বজ

উত্তৰ : (ঘ) নীলধ্বজ


১৪। কোনগৰাকী কমতাৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকে দুবাৰকৈ কমতা ৰাজ্য আক্ৰমণ কৰিছিল ?

(ক) ধৰ্মনাৰায়ণৰ 

(খ) দুৰ্লভ নাৰায়ণৰ

(গ) ৰূপ নাৰায়ণৰ 

(ঘ) ইন্দ্ৰ নাৰায়ণৰ

উত্তৰ : (খ) দুৰ্লভ নাৰায়ণৰ 


১৫। বাণাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল ?

(ক) প্ৰাগজ্যোতিষপুৰ

(খ) শোণিতপুৰ

(গ) কামৰূপ

(ঘ) কুণ্ডিল

উত্তৰ : (খ) শোণিতপুৰ


১৬। বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ (তেতিয়া প্ৰাগজ্যোতিষপুৰ) ৰজাই অংশগ্রহণ কৰিছিল ?

(ক) ভাস্কৰ বৰ্মন

(খ) ভীষ্মক

(গ) নৰক

(ঘ) ভগদত্ত

উত্তৰঃ (ঘ) ভগদত্ত


১৭। বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?

(ক) শ্রীকৃষ্ণই

(খ) বলোভদ্রই

(গ) অনিৰুদ্ধই

(ঘ) শিৱই

উত্তৰ : (গ) অনিৰুদ্ধই


১৮। বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিয়া কৰাইছিল ?

(ক) প্রসেন

(খ) অনিৰুদ্ধ

(গ) বলোৰাম

(ঘ) শ্ৰীকৃষ্ণ

উত্তৰ : (খ) অনিৰুদ্ধ


১৯। ‘তন্ত্ৰ’ শব্দৰ অৰ্থ কি?

(ক) বৃদ্ধি কৰা

(খ) শাসনক বুজোৱা

(গ) তন্ত্ৰ-মন্ত্ৰ বুজোৱা 

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰ : (ক) বৃদ্ধি কৰা 


২০। ‘ভূঞা’ শব্দৰ অৰ্থ কি?

(ক) মাটিৰ মালিক

(খ) ধৰ্মপ্ৰচাৰক

(গ) এটা জাতি

(ঘ) ৰজাৰ মন্ত্ৰী

উত্তৰ : (ক) মাটিৰ মালিক


২১। কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ?

(ক) কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত

(খ) পুষ্য বৰ্মনৰ দিনত

(গ) সুস্থিত বৰ্মনৰ দিনত

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (ক) কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত


২২। কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি “কমতেশ্বৰ” উপাধি গ্রহণ কৰিছিল ?

(ক) দুর্লভ নাৰায়ণ

(খ) ধৰ্মনাৰায়ণ

(গ) সিন্ধুৰায়

(ঘ) সন্ধ্যা

উত্তৰ : (ঘ) সন্ধ্যা


২৩। প্রাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰ্বটোৰ কি ?

(ক) ভীষ্ম পর্ব

(খ) কৰ্ণ পৰ্ব

(গ) বন পর্ব

(ঘ) ওপৰৰ এটাও নহয়

উত্তৰ : (খ) কৰ্ণ পৰ্ব


২৪। মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল ?

(ক) ১৮১৯ চনত

(খ) ১৮২১ চনত

(গ) ১৮২২ চনত

(ঘ) ১৮২৩ চনত

উত্তৰ : (ক) ১৮১৯ চনত


২৫। ইতিহাসপ্রসিদ্ধ কমতাপুৰ ৰাজ্যৰ প্ৰথমগৰাকী ৰজা কোন ? 

(ক) সন্ধ্যা

(খ) সিন্ধুৰায়

(গ) আৰিমত্ত

(ঘ) মৃগাংক

উত্তৰ : (ক) সন্ধ্যা


২৬। মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল ?

(ক) ১৮১৯ চনত

(খ) ১৮২১ চনত

(গ) ১৮২২ চনত

(ঘ) ১৮২৩ চনত

উত্তৰ : (খ) ১৮২১ চনত


২৭। তেজপুৰস্থিত মহাভৈৰৱ শিৱমন্দিৰ কোনগৰাকী ৰজাই নিৰ্মাণ কৰাইছিল?

(ক) বাণাসুৰ

(খ) ভীষ্মক

(গ) নৰক

(ঘ) ভগদত্ত

উত্তৰ : (ক) বাণাসুৰ


২৮। ১৬১৭ চনত সংঘটিত আহোম আৰু মোগলৰ যুদ্ধখনক কি নামে জনা যায় ?

(ক) হাজো যুদ্ধ

(খ) শৰাইঘাটৰ যুদ্ধ

(গ) পথৰুঘাটৰ যুদ্ধ

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰ : (ক) হাজো যুদ্ধ


২৯। শৰাইঘাটৰ ৰণ কাৰ দিনত আৰম্ভ হৈছিল ?

(ক) জয়ধ্বজ সিংহৰ দিনত

(খ) চক্ৰধ্বজ সিংহৰ দিনত

(গ) লক্ষ্মী সিংহৰ দিনত 

(ঘ) প্ৰতাপ সিংহৰ দিনত 

উত্তৰ : (খ) চক্ৰধ্বজ সিংহৰ দিনত 


৩০। শৰাইঘাটৰ মূল যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল ?

(ক) চক্ৰধ্বজ সিংহ

(খ) জয়ধ্বজ সিংহ

(গ) উদয়াদিত্য সিংহ

(ঘ) প্রতাপ সিংহ

উত্তৰ : (গ) উদয়াদিত্য সিংহ


৩১। উত্তৰ-গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও দেখিবলৈ পোৱা ‘বৈদ্যগড়' নামৰ গড়টো কোনে নির্মাণ কৰাইছিল ?

(ক) ভাস্কৰবৰ্মনে

(খ) ভগদত্তই

(গ) সমুদ্ৰবৰ্মনে

(ঘ) আৰিমত্তই

উত্তৰ : (ঘ) আৰিমত্তই


৩২। প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুবংশৰ কালৈ বিয়া দিয়া হৈছিল ? 

(ক) যুধিষ্ঠিৰ 

(গ) অর্জুন 

(খ) ভীম 

(ঘ)দুর্যোধন


উত্তৰ : (ঘ) দুৰ্যোধন


৩৩। বৃহৎ সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰা প্ৰাগজ্যোতিষৰ প্ৰথম গৰাকী ৰজাৰ নাম কি ?

(ক) ভাস্কৰবৰ্মন

(খ) সন্ধ্যা

(গ) মহেন্দ্ৰ বৰ্মন

(ঘ) হৰ্ষবৰ্দ্ধন

উত্তৰ : (গ) মহেন্দ্ৰ বৰ্মন


৩৪। প্রাচীন অসমত (প্ৰাগজ্যোতিষপুৰ) দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্রতিষ্ঠা কৰিছিল ?

(ক) মহীৰংগ দানৱ

(খ) ব্ৰজদত্ত

(গ) ভগদত্ত

(ঘ) নৰক ৰজা


উত্তৰ : (ঘ) নৰক ৰজা



৩৫। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি, বৃহৎ আৰু ব্যস্ত ৰাজনৈতিক কেন্দ্ৰ বুলিলে কোন ঠাইক বুজা যায় ? 

(ক) কামৰূপ 

(খ) প্ৰাগজ্যোতিষপুৰ

(গ) কোচবেহাৰ

(ঘ) হাজো

উত্তৰ : (খ) প্ৰাগজ্যোতিষপুৰ


৩৬। চেচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল ?

(ক) ১৫২০ চনত

(খ) ১৫২১ চনত 

(গ) ১৫২২ চনত

(ঘ) ১৫২৩ চনত

উত্তৰ : (ঘ) ১৫২৩ চনত


৩৭। ভাস্কৰবৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা গ্ৰন্থখনৰ নাম কি ?

(ক) হর্ষচৰিত

(খ) কালিকা পূৰাণ

(গ) অসম বুৰঞ্জী

(ঘ)ওপৰৰ এখনো নহয়

উত্তৰঃ (ক) হর্ষচৰিত


৩৮। দুৰ্জয়া নামৰ নতুন ৰাজধানী নগৰখন কোনে প্রতিষ্ঠা কৰিছিল ?

(ক) ৰত্নপালে

(খ) ধর্মপালে

(গ) ইন্দ্রপালে

(ঘ) বল বর্মনে

উত্তৰ : (ক) ৰত্নপালে


৩৯। বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল ?

(ক) ভাস্কৰ বৰ্মন

(খ) ভীষ্মক

(গ) পুষ্যবর্মন

(ঘ) ভগদত্ত

উত্তৰ : (গ) পুষ্যবর্মন


৪০। তলৰ কোনখন ঠাই চুটিয়াসকলৰ স্থায়ী ৰাজধানী আছিল ?

(ক) মাইবং

(খ) কমতাপুৰ 

(গ) ৰতনপুৰ

(ঘ) শদিয়া

উত্তৰ : (ঘ) শদিয়া


৪১। বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে “মহাৰাজাধিৰাজ” উপাধি গ্রহণ কৰিছিল ?

(ক) ভাস্কৰ বৰ্মন

(খ) সমুদ্র বর্মন

(গ) সুস্থিত বর্মন

(ঘ) পুষ্যবর্মন

উত্তৰ : (ঘ) পুষ্যবর্মন


৪২। কোনগৰাকী শাসকে কামৰূপ নগৰ প্ৰতিষ্ঠা কৰি নতুন ৰাজধানী স্থাপন কৰে ?

(ক) ৰত্নপালে

(খ) ধর্মপালে

(গ) ইন্দ্রপালে

(ঘ) বল বর্মনে

উত্তৰ : (খ) ধৰ্মপালে


৪৩। কামৰূপৰাজ ভাস্কৰবৰ্মনে বন্ধু হৰ্ষবৰ্দ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা 'আভোগ' নামৰ বস্তুবিধ কি? 

(ক) এটা হাতী 

(খ) এটা ছাতি

(গ) এখন তাম্ৰফলি 

(ঘ) এখন সোণৰ কাহী

উত্তৰ : (খ) এটা ছাতি 


৪৪। কোনজন ৰজাই শত্রুপক্ষৰ বিৰুদ্ধে যুদ্ধত জয়ী হৈ প্ৰথমতে ‘শত্রুদমন’ আৰু পিছত ‘অসিমৰ্দন' উপাধি গ্ৰহণ কৰিছিল ?

(ক) কছাৰী ৰজা যশোনাৰায়ণে

(খ) জয়ন্তীয়া ৰজা ধনমাণিকে

(গ) কমতাপুৰৰ ৰজা সন্ধ্যা

(ঘ) ওপৰৰ এটাও নহয়


উত্তৰ : (ক) কছাৰী ৰজা যশোনাৰায়ণে


৪৫। কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?

(ক) বিশ্ব সিংহ

(খ) শুক্লধ্বজ

(গ) নৰনাৰায়ণ

(ঘ) লক্ষ্মীনাৰায়ণ

উত্তৰ : (গ) নৰনাৰায়ণ


৪৬। অসমৰ ইতিহাসত বিখ্যাত ‘ভৰলীৰ যুদ্ধ' কোন চনত সংঘটিত হৈছিল?

(ক) ১৬৩৭ চনত

(খ) ১৬৩৮ চনত

(গ) ১৬৩৯ চনত

(ঘ) ১৬৪০ চনত

উত্তৰ : (খ) ১৬৩৮ চনত


৪৭। আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত উপনীত কেতিয়া হৈছিল ?

(ক) ১০০০ খ্রীষ্টাব্দত

(খ) ১২১৫ খ্ৰীষ্টাব্দত

(গ) ১২২৮ খ্ৰীষ্টাব্দত

(ঘ) ১৫৩৬ খ্ৰীষ্টাব্দত

উত্তৰ : (গ) ১২২৮ খ্ৰীষ্টাব্দত


৪৮। তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া ঘটিছিল ?

(ক) ১৭৮০ চনত

(খ) ১৭৮৬ চনত

(গ) ১৭৭৮ চনত

(ঘ) ১৭৯২ চনত 

উত্তৰ : (খ) ১৭৮৬ চনত


৪৯। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল?

(ক) ৰংপুৰত

(খ) শদিয়াত

(গ) চৰাইদেউত

(ঘ) গড়গাঁৱত

উত্তৰ : (গ) চৰাইদেউত


৫০ । অসমত অনুষ্ঠিত ৪১ তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল ?

(ক) গোপীনাথ বৰদলৈ 

(খ) মহাত্মা গান্ধী

(গ) শ্রীনিবাস আয়েংগাৰ 

(ঘ) জৱাহৰলাল নেহৰু 

উত্তৰ : (গ) শ্রীনিবাস আয়েংগাৰ







Post a Comment

0 Comments