Class 10 Assamese Chapter 2 জিকিৰ

 জিকিৰ

Chapter: 2


পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

ক’ — ভাব-বিষয়ক


। চমু উত্তৰ দিয়া:

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰঃ জিকিৰৰ ৰচক হ’ল- আজান ফকিৰ।


(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰঃ জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।


(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰঃ ‘জিকিৰ’ শব্দটো ‘জিকৰ্’ শব্দৰ পৰা ওলাইছে।


২। তলৰ শব্দবোৰৰ অৰ্থ লিখা:


ৰছুল, মোমিন, ৰহম, কুটুব 

উত্তৰঃ ৰছুল– দেৱদূত, ঈশ্বৰ প্ৰেৰিত পুৰুষ, আল্লাৰ দূত।

মোমিন – বিশ্বাসী মুছলমান।

ৰহম – দয়া।

কুটুব – ধ্রুৱ নক্ষত্র।


৩। ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি।

যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।।’

        —উল্লিখিত কবিতাফাকিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা। 

উত্তৰঃ ওপৰত উল্লেখ কৰা কথাখিনি আমাৰ পাঠ্য কবিতা আজান ফকিৰ ৰচিত ‘জিকিৰ আৰু জাৰী’ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।

        সংসাৰৰ দুখ-কষ্ট, জ্বালা-যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিবৰ বাবে সংসাৰী মানুহে মুক্তিৰ ধাম আল্লাহৰ দুৱাৰত উপস্থিত হৈ আল্লাহৰ দয়াৰ পাত্ৰ হৈ মুক্তি লাভৰ আশা কৰে। কিন্তু মানুহৰ এই যত্ন বা চেষ্টা অৰ্থহীন হৈ পৰে। বিলত থকা শাল, শ’ল আদি ডাঙৰ বিধৰ মাছৰ কাৰু-কাৰ্যৰ লগত পুঠি দৰিকণা আদি সৰু সৰু মাছৰ কাৰুকাৰ্য, নিমিলে বা সমান নহয়। শাল, শ’লক দেখি সিহঁতৰ দৰে দৰিকণাই সশব্দে টপালি মাৰিব নোৱাৰে। তাকে কৰিব খুজিলে অসমকক্ষ জনৰ স’তে ফেৰ মাৰিব যোৱা হয়। সেইদৰে সংসাৰী মানুহে সহজে আল্লাহৰ ওচৰ চপাটোও অসমকক্ষ বা অনুপযুক্তজনৰ উপযুক্ততা দেখুৱাৰ দৰেই হয়। দয়ালু, বিশ্বাসী, চুবুৰীয়া সজলোকজনৰ সৈতে সৎ গুণৰ অধিকাৰীজনহে আল্লাহৰ প্রিয়পাত্ৰ হয় আৰু তেৱেঁই আল্লাহৰ দুৱাৰ মুখত উপস্থিত হব পাৰে। সেই কথাকে উক্ত পদ দুশাৰীৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।


৪। ব্যাখ্যা কৰা:


(ক) পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

খোদা ৰছুল লুকাই আছে, মোমিনৰ আঁৰত।।

উত্তৰঃ ওপৰত উল্লেখ কৰা কথাখিনি আমাৰ পাঠ্য কবিতা আজান ফকিৰ ৰচিত ‘জিকিৰ আৰু জাৰী’ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।

       পানীয়ে পিয়াহ বা তৃষ্ণা দূৰ কৰিব পাৰে। তৃষ্ণা বা পিয়াহ গুচাব পৰা গুণ যে পানীৰ আছে সেই গুণৰ উপলব্ধি পানীয়ে কৰিব নোৱাৰি বাহিৰত তৃষ্ণা দূৰ কৰাৰ উপায় সন্ধান কৰে। সেইদৰে অগ্নি বা জুইৰ শীত বা জাৰ দূৰ কৰাৰ ক্ষমতা যে নিজৰে আছে তাৰ উপলব্ধি কৰিব নোৱাৰি জাৰ নিবাৰণৰ উপায় বাহিৰত অন্বেষণ কৰে। সংসাৰী মানুহৰ ক্ষেত্ৰত আল্লাহ বা ভগৱানৰ অন্বেষণো তেনেকুৱাই। দয়াৰ গৰাকী আল্লাহ্ বা ভগৱান যে চুবুৰীয়া বিশ্বাসী আৰু দয়ালু মুছলমান বা প্রতিবেশীজনৰ লগতে থাকে সেইকথা সংসাৰৰ মায়া-মোহৰ জালত বন্দী মানুহে উপলব্ধি কৰিব নোৱাৰে। সেইবাবেই তেওঁলোকে মুক্তিৰ উপায়ৰ বাবে আল্লাহ্ বা ভগৱানক বাহিৰৰ জগতখনত, মছজিদ, মন্দিৰ আদি তীৰ্থস্থানত অন্বেষণ কৰি ফুৰে। মানুহৰ এই ভ্ৰান্তিৰ কথাকে উক্ত কবিতাফাঁকিত ব্যক্ত কৰা হৈছে ।


(খ) মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাব নোৱাৰে তাত মায়াই ভেটে বাট।।

উত্তৰঃ ওপৰত উল্লেখ কৰা কথাখিনি আমাৰ পাঠ্য কবিতা আজান ফকিৰ ৰচিত ‘জিকিৰ আৰু জাৰী’ কবিতাৰ পৰা উদ্ধৃত কৰা হৈছে।

          পদ ফাঁকিত ‘তিৰবেণীৰ ঘাট’ কথাষাৰে পৱিত্ৰ তীৰ্থস্থান বুজাইছে। সাধাৰণতে তিনি ফালৰ পৰা অহা তিনিটা পানীৰ সোঁত একে ঠাইতে মিলিত হ’লে সহজে সেই পানী কোনো ফালে ওলাই যাব নোৱাৰে। চাকনৈয়াত পৰি একে ঠাইতে ঘূৰি থাকে। মুক্তিকামী সংসাৰী মানুহে সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি মুক্তিধাম মক্কাৰ দুৱাৰত উপস্থিত হোৱাৰ যত্ন কৰে। 

          কিন্তু মুক্তিধাম মক্কাৰ দুৱাৰত উপস্থিত হোৱাৰ বাবে ‘তিৰবেণীৰ ঘাট’ পাৰ হৈ যাব লাগে। এই ‘তিৰবেণীৰ ঘাট’ পৱিত্ৰ তীৰ্থস্থান। সংসাৰৰ মায়া-মোহত আৱদ্ধজন এই তিৰবেণীৰ ঘাট অতিক্ৰম কৰি মক্কাৰ দুৱাৰ পৱিত্র ধামত উপস্থিত হ’ব নোৱাৰে; অর্থাৎ‍ সাধাৰণ মানুহে সহজে সংসাৰৰ নিকাৰৰ পৰা মুক্তি নাপায়। দয়া-ধর্ম আদি সজ আচৰণযুক্ত আৰু সংসাৰৰ মায়া-মোহৰ পৰা মুক্তজনহে পৱিত্র ধাম মক্কাৰ দুৱাৰত উপস্থিত হৈ মুক্তিলাভ কৰিব পাৰে। সেই কথাকে উক্ত পদফাঁকিত কোৱা হৈছে।


(গ) সজাৰ মইনাটিৰ অনেক যুগুতি।

দেও মাৰি পাৰ হ’লে এৰিলে পীৰিতি।।

উত্তৰঃ উক্ত কবিতাফাঁকি আজান ফকিৰ ৰচিত ‘জিকিৰ আৰু জাৰী’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        মানুহৰ দেহটো এটা সজাৰ দৰে। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে মানুহৰ দেহৰ ভিতৰতো মইনা চৰাইৰ দৰে এটি জীৱ বা প্রাণ বন্দী হৈ আছে। সজাৰ মইনাই মাত মতাৰ দৰে মানুহৰ দেহৰ ভিতৰত মইনা চৰাইৰ দৰে জীৱটিও কথা কয়— মাত মাতে। দেহ সজাত আৱদ্ধ হৈ থাকিলেও এই দেহৰ প্ৰতি সজাত আৱদ্ধ জীৱ তথা প্রাণটোৰ কোনো মায়া মোহ নাই। কেতিয়াৱা সজা এৰি যাব পাৰে তাৰেই যত্ন কৰে— সজাৰ পৰা মুক্ত হ’ব বিচাৰে। সুযোগ পালেই দেহ সজাৰ মায়া-মোহ এৰি ভিতৰৰ জীৱ তথা প্রাণটো গুচি যায়। জীৱ বা প্ৰাণ মানৱদেহৰ পৰা ওলাই যোৱাৰ পিছত সেই মানৱদেহ মূল্যহীন হৈ পৰে। প্ৰাণটো বা আত্মা’ জীৱদেহ এৰি গুচি যোৱাৰ পিছত দেহটো অলাগতিয়াল, মূল্যহীন বস্তু হৈ যায়।


খ’ — ভাষা-বিষয়ক

১। সমার্থক শব্দ লিখা:


চিন্তো, ঘাট, পীৰিতি, আচমান, দৰিয়া, পিয়াহ, বাট, ভেল।

উত্তৰঃ চিন্তো – ভাবোঁ।

ঘাট – পাৰ।

পীৰিতি – প্রেম।

আচমান – আকাশ।

দৰিয়া ― সাগৰ।

পিয়াহ ― তৃষ্ণা।

বাট ― ৰাস্তা।

ভেল ― মৃতদেহ।

Post a Comment

0 Comments