অসম কুইজ
1) অসমৰ পুৰণি নাম কি?
উত্তৰঃ কামৰূপ ।
2) প্ৰাচীন কামৰূপ চাৰিটা ভাগ কি কি ?
উত্তৰঃ ৰত্নপীঠ, 2) কামপীঠ 3) স্বৰ্ণপীঠ 4) সৌমাৰ পীঠ।
3) বিহগী কবি, বুলিলে কোন অসমীয়া কবিক বুজায়?
উত্তৰঃ ৰঘুনাথ চৌধীৰীক।
4) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ হেম সৰস্বতীৰ "প্ৰহ্লাদ চৰিত"।
5) ইংৰাজৰ পৰা "ছাৰ" উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ?
উত্তৰঃ ছাৰ চৈয়দ চাদুল্লা।
6) সাহিত্য অকাডমী বঁটা লাভ কৰা "ককাদেউতাৰ হাড় " পুথিখনৰ লেখক কোন?
উত্তৰঃ নৱকান্ত বৰুৱা।
7) সংস্কৃতৰ পৰা অসমীয়ালৈ অনৃদিত হোৱা প্ৰথম নাটকখন কি আছিল?
উত্তৰঃ শকুন্তলা (লম্বোদৰ বৰা)।
8) অসমৰ প্ৰথম চনেট কবি কোন আছিল?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।
9)প্ৰাক্ বৈষ্যৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল?
উত্তৰঃ মাধব কন্দলি আৰু হেম সৰস্বতী।
10) শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল?
উত্তৰঃ মাধৱদেৱ।
11) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?
উত্তৰঃ 1948 চনত (গুৱাহাটী) ।
12) প্ৰথম অসমীয়া অনাতাঁৰ নাত?
উত্তৰঃ বীণ বৰাগী।
13) 'বাঁহী' ৰ প্ৰথম সম্পদক কোন আছিল?
উত্তৰঃ লক্ষ্মনাথ বেজৱৰুৱা।
14) চৈয়দ আব্দুল মালিকে মাধৱদেৱৰ বিষয়ে লিখা পুথিখনৰ নাম কি?
উত্তৰঃ প্ৰেম অমৃতৰ নদী।
15)প্ৰথম অসমীয়া সংহীত সাধনাৰ পুথিখনৰ নাম কি?
উত্তৰঃ সংগীত কোষ।
16) লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ 'মানুহ বিচাৰি' নামৰ পুথিৰ বাবে।
17) "আৱাহন" ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ দীননাথ শৰ্মা ।
18) অসমীয়া ভাষাত প্ৰথম ব্যাকৰন ৰচোঁতা কোন আছিল?
উত্তৰঃ ৰবিন্সন (১৮৯৩ খ্ৰীঃ)
19) অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কোতিয়াৰ পৰা হয় ?
উত্তৰঃ 'জোনাকী' কাকত ওলোৱাৰ পৰ।
20)অসমীয়া ভাষা-সাহিত্যৰ জনক কোন আছিল?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
21) সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ' ৰং মিলিৰ হাঁহি ' উপন্যাসখনৰ ৰচক কোন?
উত্তৰঃ ৰংবং তেৰাং।
22) শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?
উত্তৰঃ কীৰ্ত্তন ঘোষা ।
23) অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি ?
উত্তৰঃ তিনিতা- (১) প্ৰথমিক (২) মাধ্যমিক আৰু (৩) উচ্চ শিক্ষা ।
24) অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি ?
উত্তৰঃ চন্দ্ৰকান্ত অভিধান (১৯৩৩) ।
25) বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি ?
অত্তৰঃ জয়ভদ্ৰ হাগজে।
26) বড়ো সাবিত্য সভা কেতিয়া গঠন হৈছিল?
উত্তৰঃ ১৯৫৫ চনৰ ১৬ নৱেম্বৰত ।
27) অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?
উত্তৰঃ 'ল'ৰাবন্ধু' (১৮৮৮), সম্পাদক ঃ কৰুণাভিৰাম বৰুৱা।
28) প্ৰথম অসমীয়া গল্প সংকলন কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।
29) প্ৰথম কথা-কবিতাৰ ৰচক কোন আছিল?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰ।
30) অসমৰ প্ৰথম মহিলা আলোচনী কি ?
উত্তৰ ঃ ঘৰ জেউতি (১৯২৭) সম্পাদক কমলালয় কাকতি।
31) অসমীয়া ৰোমান্টিক সাহিত্য গুৰি ধৰোঁতা কোন ?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
32) প্ৰথম অসমীয়া সংবাদ পত্ৰ খনৰ নাম কি ?
উত্তৰঃ অৰুনোদই (১৯৪৬-১৮৮২) সম্পদক ড ঃনাথান ব্ৰাউন।
33) অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰিকাকতখনৰ নাম কৰি ?
উত্তৰঃ "দৈনিক বাতৰি" (১৯৩৫-৩৬), সম্পাদক ঃ নীলমণি ফুকন।
34) অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তি কোন ?
উত্তৰ ঃ হেমচন্দ্ৰ বৰুৱা ।
35) "অসমীয়া ভাষা-উন্নতি সাধিনী সভা"ৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৮৮৮ চনৰ ২৫ আগস্স্টত, কলিকতাত।
36) সাহিত্য অকাডেমী বঁটা পোৱা কবি হীৰেণ ভট্ৰাচাৰ্যৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ সুগন্ধি পখিলা।
37) অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি?
উত্তৰঃ আছাম ট্ৰিবিউন (১৯৪৬), প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন।
38) 'সাহিত্য অকাডেমী'পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখৰনৰ নাম কি?
উত্তৰঃ সৌৰভ কুমাৰ চিলিহাৰ 'গোলাপ' ।
39) অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখনৰ নাম কি?
উত্তৰঃ বিন্দু।
40)কোনে প্ৰথমে অসমীয়া ভাষাৰ অভিধান লিখিছিল?
উত্তৰঃ যাদুৰাম ডেকা বৰুৱাই।
41) কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰিকাকত কোন খন?
উত্তৰঃ 'উৰুলি'
42) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?
উত্তৰঃ বাইবেল ।(১৮১৩ চনত ছপা হয় )।
43) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ 'লুইতৰ পাৰৰ অগ্নিসুৰ'।
44) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন ?
উত্তৰঃ নলিনীবালা দেৱী ।
45) আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল?
উত্তৰঃ "অৰুণোদয় " যুূগৰ এজন বিখ্যাত লিখক।
46) অসমীয়া ভাষাত প্ৰথম ব্যঈ আলোচনীখনৰ ৱনাম কি?
উত্তৰঃ 'কটুন।
47) ৰঘুনাথ চোধাৰীৰ ৰথা কবিতা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ নৱমল্লিকা ।
48) দেৱকান্ত বৰুৱাৰ একমাক্ত কবিতা পুখনৰ নাম কি?
উত্তৰঃ 'সলাগৰ দেখিছা'।
49) কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
উত্তৰঃৰাম সৰস্বতী ।
50) 'জোনাকী' ৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা ।
51) 'অনুৰাধাৰ দেশ ' উপন্যাসখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ ফণীন্দ্ৰ কুমাৰ দেৱ চোধুৰীয়ে।
52) 'পৃথিৱীৰ অসুখ' নামৰ গল্প পুথিখন কোনে লিখিছিল?
উত্তৰঃ যোগেশ দাসে (সাহিত্য আকাডেমী বঁটাৰে পুৰস্কৃত) ।
53) 'সোনৰ খাৰু নালাগে মোক ' নামৰ উপন্যাসৰ লেখক কোন ?
উত্তৰঃদীৰেণ বৰুৱা ।
54) 'ৰামধেনু ' আলোচনীৰ সম্পাদক কোন আছিল?
উত্তৰঃ মহেশ্বৰ নেত্তগ, বীৰেন্দ্ৰ কুমাব় ভট্ৰাচায, ৰাধিকা মোহন ভগৱতী ।
55) অসমৰ "সাহিত্যৰথী" কোন?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।
56) অসমীয়া নাট্য সাহিত্যৰ জন কোন? তেত্তঁৰ প্ৰথম নাটক খনৰ নাম কি ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ। নাটকখনৰ নাম 'চিহ্নযাএা' ।
57) অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল ?
উত্তৰঃ মেভিচ ডন।
58) অসমৰ উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হয় ?
উত্তৰঃ ১৯৪৮ চনত গুৱাহাটী হাই কোট স্থাপিত হয় ।
59) অসম বিধানসভাৰ আসন কেইখন?
উত্তৰঃ ১২৬ খন ।
60) অসমৰ লোকসভাৰ আসন কেইখন?
উত্তৰঃ ১৪ খন।
61) কেতিয়া অসমৰ গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপিত হয় ?
উত্তৰঃ ১৯৭০ চনত ।
62) নুমুলীগড় শোধানাগাৰৰ ধাৰনা ক্ষমতা (Installed capacity) আৰু মুঠ ব্যয়ৰ পৰিমান কিমান?
উত্তৰঃ ৩ মিতাৰ টন ধাৰন ক্ষমতা আৰু মুঠ ব্যয়ৰ পৰিমান ২,৩৫০ কোটি টকা ।
63) হাতীদাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
উত্তৰঃবৰপেটা ।
64) অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি ?
উত্তৰঃ ধুবুৰী জিলাৰ মহামায়া পাহাৰ ।
65) অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া ক'ত স্থাপিত কৰা হৈছিল ?
উত্তৰঃ ১৯০১ চনত ডিগবৈত ।
66) কোনখন ঠাইক অসমৰ খাজুৰাহো বুলি কোৱা হয় ?
উত্তৰঃ মদন কামদেৱ দেৱালয় (বাইহাটা চাৰিআলি )।
67) অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন ?
অত্তৰঃ বনেলি খং মেন ।
68) প্ৰথম ভ্ৰাম্যমণ থিয়েটাৰ খন কি?
উত্তৰঃ নটৰাজ থিয়েটাৰ ।
69) প্ৰথম অসমীয়া চলচ্চিএ পৰিচালক কোন ?
উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা ।
70) প্ৰথম অসমীয়া ৰঙীন ছবি কি?
উত্তৰঃ ভাইটি (১৯৭২) ।
71) প্ৰথম অসমীয়া শিশু চলচিএ খনৰ নাম কি ?
উত্তৰঃ অবুজ বেদনা (১৯৯৩) ।
72) অসমৰ প্ৰথম দূৰদশন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত।
73) বাংলা কথাছবিৰ অসমীয়া পৰিচালকজন কোন?
উত্তৰঃ প্ৰমথেশ বৰুৱা । (ছবি দেৱদাস )
74) অসমৰ প্ৰথম অঁনাতাৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনত ।
75) ব্ৰজেন বৰুৱাৰ প্ৰথম ছবি কি আছিল ?
উত্তৰঃ ইটো সিটো বহুতো ।
76) প্ৰথম অসমীয়া কথাছবিৰ নায়িকা গৰাকী কোন আছিল ?
উত্তৰঃ আইদেউ সন্দিকৈ প্ৰথম অসমীয়া কথাছবি জয়মতীৰ নায়িকা আছিল ?
77) অভিনেতা বিজু ফুকনৰ প্ৰথম ছবি কি ?
উত্তৰঃ বৰুৱাৰ সংসাৰ ।
78) তপন দাসে অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি ?
উত্তৰঃ ১৯৮৪ চনত কৰা "সেন্দূৰ"।
79) অসমৰ প্ৰথম যাদুঘৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪০ চনত ।
80) হিন্দী পৰা অসমীয়ালৈ ভাষান্তৰ কৰা প্ৰথম ছবি কি?
উত্তৰঃ ভাগ্য ।
81) প্ৰমথেশ বৰুৱা পৰিচালিত প্ৰথম চলচ্চিএ কি ?
উত্তৰঃ দেৱদাস (বঙালী) ।
82) প্ৰথম অসমীয়া চলচিএ নিৰ্মাণ কোনে কৰিছিল ?
উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা ।
83) মহিলা পৰিচালকৰ পৰিচালাকা প্ৰথম অসমীয়া চলচ্চিএ খনৰ নাম কি?
উত্তৰঃ নয়নমণি।
84) প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি কনৰ নাম কি?
উত্তৰঃ জীৱন সুৰভি ।
85) প্ৰথম অসমীয়া চলচ্চিএ কি ?
উত্তৰঃ জয়মতী (১৯৩৫)।
86) প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি কি ?
উত্তৰঃ শকুন্তলা (১৯৬১) ।
87) জ্যোতি চিত্ৰবন কেতিয়া স্থাপিত হয় ?
উত্তৰঃ ১৯৬৮ চনত ।
88) দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন কি?
উত্তৰঃ বৃষ্টি ।
89) স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম কি?
উত্তৰঃ হালধীয়া চৰাইয়ে বাও ধান খায় (১৯৮৭) ।
90) বিদেশত প্ৰদৰ্শিত প্ৰথম অসমীয়া ছবি কোন খন?
উত্তৰঃ পূবেৰুণ (১৯৫৯ চনত বাৰ্লিনত প্ৰদৰ্শিত হয়।
91) "অসমৰ মানচেষ্টাৰ" বুলি কোনখন ঠাইক কোৱা হয়?
উত্তৰঃ শুৱালকুছিক।
92) অসমত মঞ্চৰ জন্মদাতা কোন ?
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ ।
93) আহোমসকলে অসমলৈ কেতিয়া আহিছিল ?
উত্তৰঃ ১২২৮ চনত ।
94) আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?
উত্তৰঃ চৰাইদেউ ।
95) অসমৰ ৰাজধানী শ্বিলঙৰ কেতিয়া পাতে ?
উত্তৰঃ ১৯৬৮ চনত ।
96) চুকাফা কোন চনত ৰাজপাটত উথে ?
উত্তৰঃ ১২২৮ চনত ।
97) অসমলৈ মানসকলক কোনে আনিছিল?
উত্তৰঃ বদন বৰফুকনে।
98) অসমৰ ৰ্সবপ্ৰথম বুৰঞ্জী কোনে আনিছিল ?
উত্তৰঃ আহোমসকলে ।
99) মুছলমানে প্ৰথম অসম আক্ৰমন কেতিয়া কৰিছিল ?
উত্তৰঃ ১২০৬ চনত।
100) শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল ?
উত্তৰঃ চক্ৰধবজ সিংহৰ দিনত ।
101) মুছলমানৰ শেষ আক্ৰমন কাৰ দিনত হৈছিল ?
উত্তৰঃ গদাধৰ সিংহৰ দিনত ।
102) কাৰ দিনত চীন পৰিব্ৰাজক হাউৱেন চাং অসমলৈ আহহিছিল ?
উত্তৰঃ কুমাৰ ভাস্কৰ বৰ্মাৰ দিনত।
103) কোঁচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?
উত্তৰঃ নৰনাৰায়ণ ।
104) আহোমসকলে অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল ?
উত্তৰঃ কোঁচ ৰজাই ৰাজত্ব কৰিছিল ।
105) আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?
উত্তৰঃ চুলিকফা বা ল'ৰা ৰজা (ৰত্নধবজ সিংহ) ।
106) স্বৰ্গদাউ ৰুদ্ৰসিংহৰ পূৰ্বৰ নাম কি আছিল ?
উত্তৰঃ লাইকোঁৱৰ (চুখ্ৰামফা ১৬১৯-১৭১৪) ।
107) অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি?
উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা ।
108) অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি?
উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯১২), দেবেন্দ্ৰনাথ বেজবৰুৱা ।
109) আধুনীাক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
উত্তৰঃ 'ভানুমতী ', পদ্মনাথ গোহাঞিবৰুৱা ।
110) অসমৰ "উপন্যাস সম্ৰাট" কোন ?
উত্তৰঃ ৰজনীকান্ত বৰদলৈ ।
111) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ?
উত্তৰঃ ধৰ্ম পুস্তক (১৮১৩), আত্মাৰাম শৰ্মা ।
112) প্ৰথম কথা-কবিতাৰ ৰচক কোন ?
উত্তৰঃ যতীন্দ্ৰনাথ দুৱাৰ ।
113) সৰ্বপ্ৰথম অসমীয়া ডি. লিট. কোন ?
উত্তৰঃ সূৰ্য কুমাৰ ভূঞা।
114) এছিয়ান গেমছত স্বৰ্ণ পদক পোৱা অসমীয়া জনকোন ?
উত্তৰঃ ভোগেশ্বৰ বৰুৱা (১৯৬৬) ।
115) অসমীয়া ভাষাত নাটক অভিনয় কৰা প্ৰথম নাট্যদল কোন ?
উত্তৰঃ পাঠশালা থিয়েটাৰ পাৰ্টি ।
116) নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাকোঁ নিৰ্মান কৰিছিল ?
উত্তৰঃ মহাৰাজ ৰুদ্ৰসিংহই।
117) কোনজন আহোম ৰজাৰ দিনত মোৱামৰিয়া বিদ্ৰোহ হৈছিল ?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্ব কালত ।
118) সৰ্বপ্ৰথম মেডিকেল কলেজ ক'ত আছে ?
উত্তৰঃ অসম মেডিকেল কলেজ , ডিব্ৰুগড় ।
119) কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষনা কৰিছিল ?
উত্তৰঃ গোমধৰ কোঁৰে ।
120) অহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?
উত্তৰঃ ইটাখুলিৰ ৰণ (১৬৮২ খ্ৰীঃ) ।
121) ভবেন্দ্ৰ নাথ শইকৰীয়াই সাহিত্য অকাডেমী বঁটা পোৱা পুথিখনৰ নাম কি ?
উত্তৰঃ শংখল (১৯৭৬) ।
.
122) অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল ?
উত্তৰঃ শৰৎ চন্দ্ৰ গোস্বামী ।
123) প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।
124) অসমৰ এটি প্ৰাচীন কৃষি উৎসৱৰ নাম কি?
উত্তৰঃ মিচিংসকলৰ "আলি-আই লৃগাং " উৎসৱ ।
125) সৰ্বপ্ৰথম নাট্যকাৰ কোন আছিল ?
উত্তৰঃ ব্ৰজ শৰ্মা ।
126) সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল ?
উত্তৰঃ দেৱকান্ত বৰুৱা ।
127) সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেন্সনাৰ কোন আছিল ?
উত্তৰঃ নলিনীবালা দেৱী ।
128) সৰ্বপ্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল ?
উত্তৰঃ ৰেণুকা দেৱী বৰকটকী ।
129) সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ?
উত্তৰঃ চৈয়দা আনোৱাৰা টাইমুৰ ।
130) সৰ্বপ্ৰথম মহিলা পাইলত কোন আছিল ?
উত্তৰঃ ধীৰ হাজৰীকা ।
131) সৰ্বপ্ৰথম অসমীয়া সংবাদ পত্ৰ কি আছিল ?
উত্তৰঃ অৰুনোদই ।
132) সৰ্বপ্ৰথম অসমীয়া বিলাতলৈ যাওঁতা কোন আছিল ?
উত্তৰঃ আনন্দৰাম বৰুৱা ।
133) সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন ?
উত্তৰঃ পিয়লী ফুকন ।
134) সৰ্বপ্ৰথম গদ্য লিখককোন ?
উত্তৰঃ ভট্ৰদেৱ ।
135) সৰ্বপ্ৰথম বোলছবি কি ?
উত্তৰঃজয়মতী (জ্যোতিপ্ৰসাদ আগৰৱালা ) ।
136)সৰ্বপ্ৰথম বুৰঞ্জী লিখক কোন ?
উত্তৰঃ হলিৰাম ঢেকিয়াল ফুকন ।
137) সৰ্বপ্ৰথম স্নাতক কোন আছিল ?
উত্তৰঃ আনন্দ ৰাম বৰুৱা ।
138) সৰ্বপ্ৰথম কথাছবি পৰিচালৰ কোন ?
উত্তৰঃ প্ৰমথেশ বৰুৱা ।
139) সৰ্বপ্ৰথম মহিলা মহকুমাধিপতি কোন আছিল ?
উত্তৰঃ শুচিব্ৰতা ৰায়চৌধুৰী ।
140) সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল ?
উত্তৰঃ বলিনাৰায়ণ বৰা ।
141) ২০০৩ চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন ?
উত্তৰঃ নিৰুপমা বৰগোহাঞি ।
142) অসম সাহিত্য সভাৰ প্ৰথম অভিবেশনৰ ক'ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ ১৯১৭ খ্ৰীষ্টাব্দত , শিৱসাগৰত ।
143) চৈয়দ আব্দুল মালিকে শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে লিখা পুথিখন কি ?
উত্তৰঃ ধন্য নৰতনু ভাল ।
144) স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল ?
উত্তৰঃ ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী ।
145) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰঃ গোপীনাথ বৰদলৈ ।
146) অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষা গৰাকী কোন ?
উত্তৰঃ বনেলি খংমেন ।
147) প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন ?
উত্তৰঃ আনন্দৰাম বৰুৱা ।
148) অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰঃ ১৯৮৫ চনত ১৫ আগষ্টত ।
149) প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল ?
উত্তৰঃ ফখৰুদ্দিন আলী আহমেদ ।
150) ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালকগৰাকী কোন ?
উত্তৰঃ গণেশ ফুকন ।
151) কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
উত্তৰঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ।
152) এৰি, মুগা আৰু পাটৰ কাপোৰ উৎপাদন হোৱা ঠাইখন ক'ত আছে ?
উত্তৰঃ কামৰূপ জিলাৰ শুৱালকুছি ।
153) পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
উত্তৰঃ কামৰূপ জিলাৰ হাজো ।
154) অসমীয়া কথাছবি প্ৰথম পৰিৱেশকৰ নাম কি ?
উত্তৰঃ জোনাকী ফিল্ম ডিষ্ট্ৰিউটৰছ ।
155) "জয়মতী " কথাছবি গদাপাণিৰ চৰিত্ৰত কোন অভিনয় কৰিছিল ?
উত্তৰঃ ফুনু বৰুৱা ।
156) অসমীয়া বোলছবিৰ প্ৰথম মহিলা পৰিচালিকা কোন আছিল ?
উত্তৰঃ মনিষা হাজৰিকা ।
157) ২০০০ চনৰ আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া বোলছবিখনৰ নাম কি ?
উত্তৰঃ "পখী", পৰিচালক জদাহ্নু বৰুৱা ।
158) অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ওপৰত নিৰ্মিত কথাছবিখনৰ নাম কি ?
উত্তৰঃ হেম বৰা নিৰ্মিত "সংকল্প"।
159) অভিনেতা ইন্দ্ৰ বণিয়াই অভিনয় কৰা প্ৰথম ছবিখনৰ নাম কি ?
উত্তৰঃ ১৯৭৫ চনত কৰা "খোজ" ।
160) ৰাষ্টীয় সাঁতোৰ পতিযোগিতাত অসমৰ হৈ কোনে পদক লাভ কৰিচিল ?
উত্তৰঃ মিঠু বৰুৱাই (১৯৮৫ চনত লক্ষ্ণৌত ) ।
163) অসমত প্ৰথম সহ-অভিনয়ৰ পাতনি মেলে কোনে ?
উত্তৰঃ ব্ৰজ শৰ্মাই ।
161) যাত্ৰাভিনয়ৰ প্ৰথম অসমীয়া নাটকখন কি ?
উত্তৰঃ অম্বিকাগিৰী ৰাইচৌধুৰীৰ "জয়দ্ৰথ বধ " (১৯০৯ )।
162) স্বৰ্ণকমল পদক পোৱা দ্বিতীয়খন কথাছবিৰ নাম কি ?
উত্তৰঃ "সাগৰলৈ বহুদূৰ", পৰিচালক জাহ্নু বৰুৱা (১৯৯৪ চন ) ।
163) ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিৰ নাম কি ?
উত্তৰঃ নিপ বৰুৱা পৰিচালিত "ৰঙা পুলিচ " ।
164) গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি ?
উত্তৰঃ সত্যপ্ৰসাদ বৰুৱাৰ "ধৰালৈ যিদিনা নামিব সৰগ" ।
165) প্ৰথম অসমীয়া অনাতাঁৰ অভিনেত্ৰীগৰাকী নাম কি ?
উত্তৰঃ জ্ঞানদা কাকতি ।
166) "চামেলি মেমচাব " কথাছবিৰ শ্ৰেষ্ঠ সংগীত পৰৰিচালক কোন ?
উত্তৰঃ ড° ভূপেন হাজৰিকা ।
167) প্ৰথম ভ্ৰমন কাহিনী কি ?
উত্তৰঃ বিলাতৰ চিঠি (১৯৩৯ ) লেখক, জ্ঞানদাভিৰাম বৰুৱা ।
168) সাহিত্য অকৈডেমী পুৰস্কাৰ পোৱা অসমীয়া পুথিখনৰ নাম কি ?
উত্তৰঃ "বনফুল"(১৯৫২ ) যতীন্দ্ৰনাথ দুৱাৰ ।
169) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম আৰু লেখক নাম কি ?
উত্তৰঃ মৃত্যু়ঞ্জয় (১৯৭৯), বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য ।
170) সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা প্ৰথম-অসমীয়া উপন্যাসখনৰ নাম কি ?
উত্তৰঃ ঈয়াৰুইঈম; বীৰেন্দ্ৰ কুমাৰ ভট্ৰাচাৰ্য (১৯৮১) ।
171) জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি ?
উত্তৰঃ ড° মামণি ৰয়ছম গোস্বামী ।
172) অসমীয়া ভাষাৰ উৎপওি কেতিয়া হয়?
উত্তৰঃ খ্ৰীষ্টীয় নৱম-দশম শতিকাৰ।
173) বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি-সাহিত্য কোন আছিল ?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ ।
174) অসমত স্থাপিত প্ৰথম কলেজ খনৰ নাম কি, প্ৰতিষ্ঠাপক আৰু প্ৰথম জন অধ্যক্ষক নাম কি ?
উত্তৰঃ কটন কলেজ (১৯০১ চন ) প্ৰতিষ্ঠাপক হেনৰি কটন;প্ৰথম অধ্যক্ষ মিঃ চুডমাৰ্চন।
175) ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল?
উত্তৰঃ ৰঞ্জিত বৰপূজাৰী (১৯৬০ চনৰ ৪ জুলাই) ।
176) ২০০২ চনৰ কমল কুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন ?
উত্তৰঃ ড° ভবেন্দ্ৰ নাথ শইকীয়া ।
177) ড° মামণি ৰযছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ মামৰে ধৰা তৰোৱাল (১৯৮২ চন ) ।
178) অসম সাহিত্য সভাৰ কনিষ্ঠতম সভাপতি কোন আছিল ?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ (৩৯ বছৰ বয়সত) ।
179) 'চিৰ চেনেহী মোৰ ভাষা জননী' -এই গীততটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই ৰচনা কৰিছিল ?
180) ২০০৮ চনৰ সাহিত্য অকাডেমী পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন ?
উত্তৰঃ ৰীতা চৌধুৰী (গ্ৰন্থ ঃ দেও লাংখুই )।
181) ৰাষ্ট্ৰপতিৰ 'পদ্মশ্ৰী' উপাধী পোৱা প্ৰথম অসমীয়া গৰাকী কোন ?
উত্তৰঃ নলিনী দেৱী ।
182) অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে ?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহই ।
183) আহোমৰ প্ৰথম ৰজা কোন আছিল আৰু তেওঁ কিমান দিন ৰাজত্ব কৰিছিল ?
উত্তৰঃ চুকাফা । তেওঁ মুঠ চল্লিশ বছৰ ৰাজত্ব কৰিছিল ?
184) অহোমসকলে মুঠ কিমান বছৰ ৰাজত্ব কৰিছিল ?
উত্তৰঃ ছশ বছৰ ৰাজত্ব কৰিছিল ।
185) ৰাষ্ট্ৰপতি "পদ্ম বিভূষণ " সন্মান পোৱা প্ৰথম অসমীয়া গৰাকী কোন ?
উত্তৰঃ প্ৰক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ।
186) মাদ্ৰাজত প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?
উত্তৰঃ বিষ্ণুৰাম মেধি ।
187) অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল ?
উত্তৰঃ হলীৰাম ডেকা ।
188) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল ?
উত্তৰঃ পাৰ্বতী কুমাৰ গোস্বামী ।
189) অসমৰ প্ৰথম ভাইচ চেঞ্চেলৰ কোন আছিল ?
উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ।
190) অসমৰ পৰা প্ৰথম কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সদস্য কোন আছিল ?
উত্তৰঃ সুৰেণ বুঢ়া গোহাঞি ।
191) প্ৰথম অসমীয়া বিমান প্ৰশিক্ষণপ্ৰাপ্ত ব্যক্তিগৰাকী কোন ?
উত্তৰঃ মহানন্দ দাস ।
192) ইংৰাজী ভাষাত প্ৰথম অসমৰ নিৰ্ভৰযোগ্য বুৰঞ্জী প্ৰণেতা কোন ?
উত্তৰঃ ছাৰ এডৱাৰ্ড গেইট ।
193) ৰাষ্ট্ৰপতি "পদ্ম বিভূষণ " সন্মান পোৱা প্ৰথম অসমীয়া গৰাকী কোন ?
উত্তৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা ।
194) সৰ্বপ্ৰথম কেন্দীয় মন্ত্ৰীসভাৰ অসমীয়া মহিলা মন্ত্ৰী কোন আছিল ?
উত্তৰঃ ৰেণুকা দেৱী বৰকটকী ।
195) অআসমৰ প্ৰথমটো জলবিদ্যুৎ প্ৰকল্পৰ নাম কি ?
উত্তৰঃ কাৰ্বি লাংপি (১৯৭৯ চনত নিৰ্মান আৰম্ভ হোৱা এই প্ৰকল্পৰ কাম ২০০৭ চনত সমাপ্ত হয়) ।
196) অসমত কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি?
উত্তৰঃ মিকিৰ পাহাৰ।
197) অসমৰ বাঁহ-বেতৰ বস্তু আৰু জাপি উৎপন্ন হোৱা ঠাইখনৰ নাম কি ?
উত্তৰঃ নলবাৰী জিলাৰ মুগকুছি গাঁও।
198) অসমত চাহ খেতি কেতিয়াৰ পৰা হয়?
উত্তৰঃ ১৮২২-২৩ চনত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছিল। ১৮৬০ চনৰ পৰা ভালদৰে খেতি কৰিবলৈ লোৱা হয়।
199) অসমত চাহ গছ কোনে আৱিস্কাৰ কৰে ?
উত্তৰঃ ১৮২২-২৩ চনত চাৰ্লছ আলেকজেণ্ডা ব্ৰুচে ।
200) প্ৰাপ্তবয়স্কৰ চাৰ্টিফিকেট পোৱা প্ৰথম অসমীয়া ছবি ?
উত্তৰঃ মৰিচিকা।