অসম সাধাৰণ জ্ঞানৰ বহুমুখী বিকল্প প্ৰশ্ন (MCQ)
১. অসমীয়া সাহিত্যত 'সাহিত্যৰথী' বুলি কাক জনা যায়?
A) জ্যোতিপ্ৰসাদ আগৰৱালা
B) লক্ষ্মীনাথ বেজবৰুৱা
C) হেমচন্দ্ৰ বৰুৱা
D) পদ্মনাথ গোহাঞি বৰুৱা
উত্তৰ : B) লক্ষ্মীনাথ বেজবৰুৱা ।
২. প্ৰথম অসমীয়া আলোচনী 'অৰুণোদই' কোন চনত প্ৰকাশিত হৈছিল?
A) ১৮৩৬
B) ১৮৪৬
C) ১৮৮৯
D) ১৯১৭
উত্তৰ: B)১৮৪৬ ।
৩. আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
A) চুকাফা
B) চুহুংমুং
C) ৰুদ্ৰ সিংহ
D) লাচিত বৰফুকন
উত্তৰ: A) চুকাফা ।
৪. এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ (UNESCO) বিশ্ব ঐতিহ্য ক্ষেত্ৰ?
A) মানাহ ৰাষ্ট্ৰীয় উদ্যান
B) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
C) নামেৰী ৰাষ্ট্ৰীয় উদ্যান
D) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
উত্তৰ: D) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
৫. অসমত বছৰটোত কেই প্ৰকাৰৰ বিহু পালন কৰা হয়?
A) দুই
B) তিনি
C) চাৰি
D) পাঁচ
উত্তৰ: B) তিনি ।
৬. জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল?
A) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
B) মামণি ৰয়ছম গোস্বামী
C) নীলমণি ফুকন
D) হোমেন বৰগোহাঞি
উত্তৰ: A) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ।
৭. শৰাইঘাটৰ ঐতিহাসিক ৰণ কোন চনত সংঘটিত হৈছিল?
A) ১৫২৬
B) ১৬৭১
C) ১৭৫৭
D) ১৮২৬
উত্তৰ: B) ১৬৭১ ।
৮. কোনখন নদীক "অসমৰ জীৱনৰেখা" বুলি জনা যায়?
A) বৰাক
B) সোৱণশিৰি
C) ব্ৰহ্মপুত্ৰ
D) মানাহ
উত্তৰ: C) ব্ৰহ্মপুত্ৰ ।
৯. প্ৰথমখন অসমীয়া কথাছবি 'জয়মতী' কোন চনত মুক্তি পাইছিল?
A) ১৯৩০
B) ১৯৩৫
C) ১৯৪০
D) ১৯৪৭
উত্তৰ: B) ১৯৩৫ ।
১০. অসমৰ জাতীয় গছ কি?
A) আঁহত গছ
B) বৰগছ
C) হোলোং গছ
D) শাল গছ
উত্তৰ: C) হোলোং গছ ।
1➤ ১/ জুবিন গাৰ্গৰ জন্ম ক’ত হৈছিল?
2➤ জুবিন গাৰ্গৰ প্ৰথমটো সংগীত এলবামৰ নাম কি আছিল?
3➤ ‘অনামিকা’ এলবামটো কিমান চনত মুক্তি পাইছিল?